ক্ৰিকেট খেলি তেওঁলোক এতিয়া কোটিপতি। ভাৰতীয় দলৰ কেইবাজনো ক্ৰিকেটাৰে নিজ প্ৰতিভাৰ বলত সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকৰ ভিতৰত যশপ্ৰীত বুমৰাহ এনে এজন সফল ক্ৰিকেটাৰ। এসময়ত তেওঁৰ পিন্ধিবলৈ-চাৰ্ট আৰু এযোৰ জোতা কিনিবলৈও টকাৰ অভাৱ আছিল। ভাৰতৰ তাৰকা পেচাৰ মহম্মদ চিৰাজৰ দেউতাক এজন ৰিক্সাচালক আছিল। কিন্তু ৰিক্সা চালক হোৱা স্বত্বেও তেওঁ তেওঁৰ পুত্ৰক ক্ৰিকেটাৰ বনোৱাৰ চেষ্টাত কোনো ধৰণৰ সুৰুঙা ৰখা নাছিল। এসময়ত হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডিয়াই ৰে'লত অনুশীলন কৰিবলৈ গৈছিল। কেতিয়াবা ট্ৰাকত। দুয়োৰে ঘৰৰ আৰ্থিক অৱস্থা আছিল অতি দুখজনক । এতিয়া এই দুই ভাতৃ ভাৰতীয় ক্ৰিকেটত যথেষ্ট জনপ্ৰিয় নাম। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ দেউতাকে গাৰ্ডৰ চাকৰি কৰিছিল আৰু মাতৃ আছিল এগৰাকী নাৰ্ছ । তথাপি জাদেজাই বহু অসুবিধাৰ মাজেৰেই নিজকে এজন ক্ৰিকেটাৰ ৰূপে গঢ়ি তুলিবলৈ সক্ষম হয়। এম এছ ধোনীৰ উত্থানৰ কাহিনী সকলোৱে কম বেছি পৰিমাণে জানে। তেওঁ এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। এসময়ত তেওঁ ভাৰতীয় ৰে'লত টিটি হিচাপেও কাম কৰিছিল। ভাৰতীয় দলৰ জাৰ্চীত খেলা টি নটৰাজন এসময়ত দৰিদ্ৰ ৰেখাৰ তলত আছিল। তেওঁলোক পাঁচজন ভাই-ভনী। পৰিয়ালটোৰ আৰ্থিক অৱস্থা ভাল নাছিল।