ছাকিব আল হাছান – কেৱল বাংলাদেশ নহয়, বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰসকলৰ মাজত এজন হ’ল ছাকিব আল হাছান। চলিত বিশ্বকাপত ফৰ্ম কিছু উঠা–নমা হ’লেও নিজৰ দলক বিজয়ী কৰাৰ শক্তি আছে ছাকিবৰ। ভাৰতৰ বিৰুদ্ধে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিবলৈ সাজু। সৌম্য সৰকাৰ – বাংলাদেশ বেটিং লাইনৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ সৌম্য সৰকাৰ। অপেনিঙত দলৰ ভৰসা তেওঁ। বৰ্তমান ধাৰাবাহিকতাৰ অভাৱত থাকিলেও ভাৰতৰ বিৰুদ্ধে কাৰ্যত ‘ডু অ’ৰ ডাই’ মেচত শ্ৰেষ্ঠ উজাৰি দিব তেওঁ। নাজমূল হাছান – বাংলাদেশৰ বেটিং লাইনত অপেনিং হিচাপে কম সময়ৰ ভিতৰত নিজক প্ৰমাণ কৰিছে নাজমুল হাছানে। জিম্বাবৱেৰ বিৰুদ্ধে অন্তিম মেচত তেওঁৰ বেটিঙৰ ওপৰত নিৰ্ভৰ কৰিয়ে সন্মানজনক স্ক’ৰত উপনীত হৈছিল বাংলাদেশ। ভাৰতৰ বিৰুদ্ধে নিজৰ ফৰ্ম ধৰি ৰখাৰ লক্ষ্য তেওঁৰ। তাছকিন আহমেদ – টি২০ বিশ্বকাপত দুৰন্ত ফৰ্মত আছে বাংলাদেশৰ তৰুণ তাৰকা পেছাৰ তাছকিন আহমেদ। অষ্ট্ৰেলিয়াৰ উইকেটত তেওঁৰ পেচ আৰু ছুইঙে সমস্যাত পেলাইছে প্ৰতিপক্ষৰ বেটছমেনসকলক। উইকেট পাইছে তিনিটা। ভাৰতৰ বিৰুদ্ধে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে বাট চাইছে তাছকিনে। মুস্তাফিজুৰ ৰহমান : বাংলাদেশ পেচ এটেকৰ ক্ষেত্ৰত ডাঙৰ ভৰসা বাওহতীয়া পেচাৰ মুস্তাফিজুৰ ৰহমান। তেওঁৰ বলিঙৰ মিশ্ৰণ টি২০ ক্ৰিকেটত খুবেই কাৰ্যকৰী। দলৰ অৱিজ্ঞ ক্ৰিকেটাৰসকলৰ ভিতৰতো অন্যতম মুস্তাফিজুৰ।