২০২২ৰ টি–২০ বিশ্বকাপত ভাৰতীয় দলে প্ৰথমবাৰ পৰাজিত হৈছে। দক্ষিণ আফ্ৰিকাৰ সৈতে ৫ ইউকেটত পৰাস্ত হৈছে মেন ইন ব্লু। (ফটো সংগৃহীত) সূৰ্য কুমাৰ যাদৱৰ ইনিংছৰ সহায়ত দেওবাৰে টীম ইণ্ডিয়াই ৯ উইকেটত সংগ্ৰহ কৰে ১৩৩ ৰান। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই ২ বল বাকী থকা অৱস্থাতে বিজয় সাব্যস্ত কৰে। এই জয়েৰে গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে দক্ষিণ আফ্ৰিকাই। মিলাৰৰ ৪৬ বলত ৫৯ ৰানে দলটোৰ জয়ত উল্লেখযোগ্য অৰিহণা যোগায়। ইয়াৰ উপৰি এডেন মাৰ্কৰমে ৫২ ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে। (ফটো : সংগৃহীত) ইয়াৰ পিছতো ভাৰতৰ বিশ্বজয় সম্ভৱনে? এই প্ৰশ্ন এতিয়া উদয় হৈছে। ২০০৭ত ভাৰতে টি–২০ বিশ্বকাপ জিকিছিল। বৰ্তমান বিশ্বকাপৰ কথা ক’বলৈ গ’লে ক’ব লাগিব আয়াৰলেণ্ডে ইংলেণ্ডক পৰাস্ত কৰিছে। দেওবাৰে ভাৰতক পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই। বৰ্তমান টি–২০ বিশ্বকাপত তিনিখন মেচত ভাৰতৰ পইণ্ট ৪, এখন পৰাজয় আৰু দুখন জয়েৰে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত ৰোহিত বাহিনী। (ফটো : সংগৃহীত) পিছৰ দুখন খেল জিকিলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰে টীম ইণ্ডিয়াই। দেওবাৰৰ মেচত ২ বল বাকী থকা অৱস্থাত জয়ী হয় দক্ষিণ আফ্ৰিকা। তেনেদৰে ২০১১ৰ এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত ২ বল বাকী থকা অৱস্থাত হাৰিছিল। সেইবাৰো ভাৰতে প্ৰথমে বেটিং কৰি ২৯৬ ৰানৰ লক্ষ্য বান্ধি দিছিল দক্ষিণ আফ্ৰিকাক। ১১১ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল শচীন তেণ্ডুলকাৰে। (ফটো : সংগৃহীত) দক্ষিণ আফ্ৰিকাৰ তাৰকা পেছাৰ ডেল ষ্টেইনে পাইছিল ৫টা উইকেট। ফলত দক্ষিণ আফ্ৰিকাই ৪৯.৪ অভাৰত ৭ উইকেট হেৰুৱাই জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰিছিল। জেক কালিছে সৰ্বাধিক ৬৯ ৰান কৰিছিল। (সংগৃহীত ফটো) এদিনীয়া হওক বা টি–২০ বিশ্বকাপ, ১১ বছৰ পিছত ভাৰতক হৰুৱালে দক্ষিণ আফ্ৰিকাই। টি–২০ বিশ্বকাপত দুয়োটা দলে ৬বাৰ মুখামুখি হৈছে, যাৰ ভিতৰত ভাৰতে চাৰিবাৰ আৰু দক্ষিণ আফ্ৰিকাই দুবাৰ জয়ী হৈছে। (সংগৃহীত ফটো)