ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বোৰ্ড বিশ্বৰ ভিতৰতে ধনী ক্ৰিকেট বোৰ্ড। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী বৰ্তমান বিচিচিআইৰ অধ্যক্ষ। সৌৰভ গাংগুলীয়ে লৈ অহা সিদ্ধান্তই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। The wall Rahul Dravid বৰ্তমান ভাৰতীয় দলৰ হেড কোচ। সেইদৰে কিংবদন্তি ভিভিএছ লক্ষ্মণ বৰ্তমান নেচনেল ক্ৰিকেট একাডেমীৰ অধ্যক্ষ। এইবাৰ পাল লিটল মাষ্টাৰৰ... পুনৰ ভাৰতীয় দলৰ সৈতে জড়িত হ'ব পাৰে ক্ৰিকেটৰ ভগৱান শচিন তেণ্ডুলকাৰ। বিচিচিআইৰ সভাপকি গাংগুলীয়ে এটা ইণ্টাৰভিউত জনাইছে যে, শচিন এজন অন্যধৰণৰ মানুহ। যদি শচিনক ভাৰতীয় দলৰ সৈতে যুক্ত কৰিব পৰা যায়, তেন্তে দলৰ বাবেই হৈ পৰিব মংগলময়। কিদৰে শচিনক এতিয়া দলৰ সৈতে যুক্ত কৰাই সেয়া লক্ষ্যণীয় হ'ব।