বহুচৰ্চিত ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকৰ বিচ্ছেদৰ খবৰ বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে। লগতে পাকিস্তানী অভিনেত্ৰী আয়েশা উমৰৰ কথাও চৰ্চালৈ আহিছে। (ফাইল ফটো কিন্তু সূত্ৰৰ খবৰে কয় যে খুব সোনকালে দুয়োৰে বিচ্ছেদ হ’ব পাৰে। কিন্তু ইয়াক লৈ ছোৱেইব বা ছানিয়াই কোনো মন্তব্য প্ৰকাশ কৰা নাই। (ফাইল ফটো) এই দুই তাৰকা দম্পতীৰ পথ পৃথক হৈছে। এতিয়া কেৱল কাগজ–পত্ৰৰ কাম বাকী আছে। কিন্তু আয়েশাই ইয়াক লৈ কোনো মন্তব্য় কৰিব বিচৰা নাছিল। (ফাইল ফটো) খবৰ ওলাইছে যে ছানিয়া মিৰ্জা আৰু ছোৱাইব মালিকৰ বিবাহ বিচ্ছেদৰ আঁৰত আছে এইগৰাকী পাকিস্তানী অভিনেত্ৰী। আনহাতে, অভিনেত্ৰী আয়েশা উমৰৰ ফালৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই এতিয়ালৈ। (প্ৰতীকী ফটো) ইনষ্টাগ্ৰামত আয়েশা উমৰে এজন অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত জনাইছে যে এয়া একেবাৰেই নহয়। ছানিয়া–ছোৱেইবৰ বিয়া হৈ গৈছে। তেওঁ পত্নীৰ সৈতে খুব সুখী। (ফাইল ফটো) আয়েশাই জনাইছে যে ছোৱেইব আৰু ছানিয়াক তেওঁ অত্যন্ত সন্মান কৰে। ছোৱেইব তেওঁৰ ভাল বন্ধু। ছোৱেইব আৰু ছানিয়াই এজনে আনজনক সন্মান কৰে। (ফাইল ফটো) কিন্তু বহুতে ধাৰণা কৰিছে যে আয়েশা উমৰে আচলতে ছোৱেইব আৰু ছানিয়াৰ বিচ্ছেদৰ প্ৰধান কাৰণ। এই বিষয়টো পোহৰলৈ অহাৰ পিছতে স্বাভাৱিকতে বিদ্ৰুপৰ চিকাৰ হৈছে ছানিয়া মিৰ্জা। (ফাইল ফটো) পাকিস্তানী মিডিয়াৰ মতে, এটা ফটোশ্বুটৰ পিছতে ছোৱেইব আৰু আয়েশা অত্যন্ত ঘনিষ্ঠ হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰ পিছতে স্বামী–স্ত্ৰীৰ সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে। (ফাইল ফটো) জানিব পৰা মতে, ছানিয়া মিৰ্জাই ডুবাইত পৃথককৈ ঘৰ ভাড়া লৈ আছে। (ফাইল ফটো) অৱশ্যে এই বিষয়ক লৈ ছানিয়া বা ছোৱেইব কোনোজনেই কোনো কথা প্ৰকাশ কৰা নাই। (ফাইল ফটো) দুয়ো দুয়োকে ইনষ্টাগ্ৰামত ফলো কৰে। ছোৱেইবে ছানিয়াৰ জন্মদিনত শুভেচ্ছা জনাইছে। (ফাইল ফটো)