ভাৰতীয় ক্ৰিকেট দলৰ কথা কল্পনা কৰিলে মনলৈ আহে নীলা জাৰ্ছী। কিন্তু শীঘ্ৰে কোহলী বাহিনীক গেৰুৱা ৰঙৰ জাৰ্ছীত দেখা যাব পাৰে। (PC - BCCI) IANSৰ খবৰ অনুসৰি ২০১৯ৰ বিশ্বকাপৰ কেইখনমান খেলত টীম ইণ্ডিয়াক এই গেৰুৱা ৰঙৰ পোছাকত দেখা যাব পাৰে। কিয়নো ইণ্টাৰনেচনেল ক্ৰিকেট কাউন্সিল অৰ্থাৎ ICCয়ে খেলুৱৈৰ পোছাকক লৈ বনাইছে পৃথক নিয়ম। (PC - IANS) এতিয়া এই জাৰ্ছীৰ সন্মুখ ভাগৰ ফটো পোহৰলৈ আহিছে। IANS–এ এই নতুন জাৰ্ছীৰ এখন ফটো মুকলি কৰিছে। (PC - BCCI) সূত্ৰ অনুসৰি, দেশৰ বাহিৰত পিন্ধাৰ বাবে এই পোছাক প্ৰস্তুত কৰা হোৱা নাই। কেৱল আই চি চিৰ নিয়ম অনুসৰিহে প্ৰস্তুত কৰা হৈছে। (PC - BCCI) আই চি চিৰ নতুন নিয়ম অনুসৰি, আয়োজক দেশে নিজৰ জাৰ্ছী সলনি কৰিব যেতিয়া আই চি চিৰ ইভেণ্টত অংশগ্ৰহণ কৰিব। এনে পৰিস্থিতিত টীম ইণ্ডিয়ায়ো নীলা পোছাক সলনি কৰিব লাগিব। (PC - BCCI)