জিম্বাবোৱেটছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেটিং কৰি জিম্বাবৱেই ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৩০ ৰাণ সংগ্ৰহ কৰে। ছিন উইলিয়ামছে সৰ্বাধিক ৩১ ৰাণ সংগ্ৰহ কৰিছিল। পাকিস্তানৰ হৈ মহম্মদ ৱাছিমে ৪ টা উইকেট দখল কৰিছিল আৰু শাদাব খানে ৩ টা উইকেট দখল কৰিছিল। হেৰিছ ৰাউফৰ বাবে এটা উইকেট। পাকিস্তানে ৰাণ চেজৰ আৰম্ভণিৰ পৰা নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল আৰু চাপত পৰিছিল। নিম্ন স্ক'ৰিং মেচখনৰ অন্তিম অভাৰত পাকিস্তানক জয়ৰ বাবে ১১ ৰাণৰ প্ৰয়োজন আছিল। ৱাছিমে এটা চাৰি মাৰিলে। ২ টা বলত জিকিবলৈ ৩ ৰাণৰ প্ৰয়োজন। কিন্তু নৱাজ আউট হোৱাত, পাকিস্তানে ১ টা বলত ৩ ৰাণ সংগ্ৰহ কৰিব লগা হৈছিল। শ্বাহিন আফ্ৰিদী শেষ বলটোত ২ ৰাণ ল'বলৈ গৈ ৰাণ আউট হৈছিল। পাকিস্তানে খেলখন ১ ৰাণত হেৰুৱাইছিল। পাকিস্তানে ২০ অভাৰত ৮ টা উইকেটত ১২৯ ৰাণ সংগ্ৰহ কৰিছিল। শান মাসুদে সৰ্বাধিক ৪৪ ৰাণ সংগ্ৰহ কৰিছিল। মহম্মদ নৱাজে ২২ ৰাণ আৰু শাদাব খানে ১৭ ৰাণ সংগ্ৰহ কৰিছিল। জিম্বাবোৱেৰ হৈ ছিকন্দৰ ৰাজাই সৰ্বাধিক ৩ টা উইকেট দখল কৰিছিল। জিম্বাবোৱে ১ ৰাণত বিজয়ী হৈছিল। ব্ৰেডলী নীল ইভান্সে দুটা উইকেট দখল কৰিছিল। ব্লেছিং আৰু জুঙে এটাকৈ উইকেট লৈছিল। ঐতিহাসিক মেচখন জিকাৰ পিছত জিম্বাবোৱেৰ ক্ৰিকেটাৰসকলে উৎসাহিত হৈছিল। গোটেই দলটোৱে খেলপথাৰৰ চাৰিওফালে ঘূৰি ফুৰিছিল। জিম্বাবোৱে দলটোৱেও অনুৰাগীসকলৰ সৈতে আনন্দ ভাগ বতৰা কৰিছিল।