ভাৰতীয় সমৰ্থকৰ আশাত পৰিল চেচাপানী। চলিত টি২০ বিশ্বকাপত ভাৰতৰ ছেমিফাইনেল খেলাৰ সকলো আশা শেষ। আফগানিস্তানক পৰাস্ত কৰিলে নিউজিলেণ্ডে। গ্ৰুপ ১ৰ পৰা অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড আৰু গ্ৰুপ ২ৰ পৰা পাকিস্তান আৰু নিউজিলেণ্ডে ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰত আৰু নামাবিয়াৰ মেচ এতিয়া হৈ পৰিল নামমাত্ৰ! আজি আফগানিস্তানে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰে ১২৪ ৰান। ৪৮টা বলত ৭৩ ৰানৰ ইনিংছ খেলিলে নাজিবুল্লাহ জাদৰানে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে মাত্ৰ ১৮.১ অভাৰতে লক্ষ্যত উপনীত হয়। অধিনায়ক কেন উইলিয়ামছনে ৪০ ৰানৰ ইনিংছ খেলে। আজিৰ আফগানিস্তান জয়ী হোৱা হেতেন ভাৰতৰ বাবে ছেমিফাইনেল খেলাৰ আশা সজীৱ হৈ থাকিল হেতেন। কিন্তু এতিয়া আৰু সেই আশাত পৰিল চেচাপানী।