প্ৰতি বছৰে আইপিএলৰ পূৰ্বে ধোনীৰ নতুন লুক কাৰ্যত নিয়ম হৈ গৈছে। ২০২৩ আইপিএলৰ পূৰ্বেও তাৰ ব্যতিক্ৰম নহ’ল। বয়স ৪১ বছৰ পাৰ হৈছে। কিন্তু ষ্টাইল ষ্টেটমেণ্টত আৰু গ্লেমাৰত পিছ পৰি নৰয় ছেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকী। মাহীৰ নতুন লুকে সকলোকে চমকিত কৰি তুলিছে। ২০২৩ আইপিএলৰ পূৰ্বে ছল্ট এণ্ড পেপাৰ লুকত ধৰা দিছে এম এছ ধোনী। একেবাৰে ধকধকীয়া বগা দাড়ি আৰু ক’লা চুলি। ধোনীৰ এই নতুন লুক ইতিমধ্যে নেট দুনিয়াত ভাইৰেল। লগতে ৪১ বছৰীয়া ধোনীয়ে নিজৰ নতুন লুকেৰে মহিলাসকলৰো নিশাৰ টোপনি নাইকীয়া কৰিছে! আইপিএল ২০২৩ৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে অনুশীলন আৰম্ভ কৰিছে চাৰিবাৰৰ আইপিএল জয়ী অধিনায়কজনে। সম্ভৱত এইবাৰৰ আইপিএলে ধোনীৰ শেষ ছিজন। সেয়ে আপিএলক বিদায় জনোৱাৰ পূৰ্বে সেয়া স্মৰণীয় কৰি ৰাখিবলৈ আৰু চিএছকেক পঞ্চমবাৰ ট্ৰফী উপহাৰ দিবলৈ কোনো ত্ৰুটি ৰখা নাই মাহীয়ে।