এজন মানুহ কিন্তু কত যে ৰূপ! তেওঁ কেতিয়া কি কৰে কোনেও নাজানে। কোনেও অনুমানো কৰিব নোৱাৰে। এনে এজন মানুহ যি নিজৰ বিয়াৰ খবৰ পৰ্যন্ত লুকুৱই ৰাখিব পাৰে আৰু সকলোকে আচম্বিত কৰি ঘোষণা কৰি দিব পাৰে অৱসৰৰ কথা। মহেন্দ্ৰ সিং ধোনী (Mahendra Singh Dhoni)ক লৈ যেন বিস্ময়ৰ অন্ত নাই। Team Indiaৰ হৈ তেওঁ এতিয়া নেখেলে! T-20 বিশ্বকাপত ভাৰতীয় দলৰ মেণ্টৰ হিচাপে দায়িত্ব সম্ভালিছে ধোনীয়ে। ইয়াৰ মাজতে গুজৱ উঠিছে যে ধোনীক অক্ষয় কুমাৰ (Akshay Kumar)ৰ সৈতে 'সূর্যবংশী' (Sooryavanshi) চিনেমাখনত একেলগে দেখা যাব! ধোনীৰ বায়োপিক নিৰ্মাণ হৈছে, কিন্তু সেই চিনেমাত ধোনীয়ে অভিনয় কৰা নাছিল, অভিনয় কৰিছিল সুশান্ত সিং ৰাজপুতে। বক্স অফিচত ছুপাৰহিট আছিল চিনেমাখন। কিন্তু এইবাৰ ধোনীয়ে নিজেই বলীউডত খোজ দিব নেকি! মেণ্টৰ হিচাপে ভাৰতীয় জলত যোগ দিয়াৰ পৰা ধোনীৰ সময় ভাল চলা নাই। টি-২০ বিশ্বকাপত কোহলি বাহিনীয়ে শোচনীয় প্ৰদৰ্শন কৰি সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে ধোনীৰ চিনেমাত অভিনয়ৰ গুজৱো ওলাইছে। আচলতে এই গুজৱ ওলাইছে অভিনেতা গুলছন গ্ৰভাৰৰ এখন ফটোক লৈ। গুলছনে সূর্যবংশীৰ ছেটত ধোনীৰ সৈতে উঠা এখন ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছৰে পৰা এই অনুমান কৰা হৈছে যে ধোনীয়ে অভিনয়ত খোজ দিছে নেকি। গুলছনে নিজেই ধোনীয়ে সূর্যবংশীত অভিনয় কৰিছে নেকি বুলি প্ৰশ্ন কৰি অনুৰাগীৰ কৌতুহল বঢ়াই তুলিছে।