ভাৰতীয় দলে মহিলা বিশ্বকাপত বিজয়েৰে আৰম্ভণি ডকৰিছে। মিতালী ৰাজৰ নেতৃত্বত ভাৰতীয় দলে টুৰ্ণামেণ্টৰ প্ৰথমখন মেচত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানক ১০৭ ৰানত পৰাস্ত কৰে। ভাৰতীয় দলে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৪৪ ৰান সংগ্ৰহ কৰে। তাৰ পিছত পাকিস্তানে ৪৩ অভাৰত মাত্ৰ ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়।(Twitter/BCCI Women)
মিতালী ৰাজ শচীন তেণ্ডুলকাৰ আৰু জাভেদ মিয়াদাদৰ পিছত ৬খন বিশ্বকাপৰ টুৰ্ণামেণ্টত অংশ লোৱা অভাৰঅল তৃতীয় আৰু প্ৰথম মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। আইচিচি মহিলা বিশ্বকাপৰ প্ৰথম মেচত চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে প্ৰথম মেচত নমাৰ লগে লগে মিতালীয়ে এই অভিলেখ গঢ়ে। বিশ্বকাপত আটাইতকৈ বেছি মেচ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙে (৪৬ মেচ) খেলিছে, ৪৫খন মেচ খেলি শচীন তেণ্ডুলকাৰ আছে দ্বিতীয় স্থানত। (AFP)
ভাৰতৰ হৈ বহু স্মৰণীয় মেচ খেলা ৩৯ বছৰীয়া মিতালীয়ে প্ৰথমবাৰ ২০০০ চনত বিশ্বকাপ খেলিছিল। ইয়াৰ পিছত ২০০৫, ২০০৯, ২০১৩, ২০১৭ আৰু এতিয়া ২০২২ত বিশ্বকাপত অংশ লৈছে। মহিলা ক্ৰিকেটত তেওঁ নিউজীলেণ্ডৰ ডেবী হকলী আৰু ইংলেণ্ডৰ চাৰ্লোট এডৱাৰ্ডছক পিছ পেলাইছে। ইফালে, বেগী বলাৰ ঝুলন গোস্বামীয়ে পঞ্চমবাৰৰ বাবে বিশ্বকাপ খেলি আছে। (AP)