‘প্ৰিন্স অ ৰাঁচী’ নামেৰে পৰিচিত মহেন্দ্ৰ সিং ধোনী এতিয়া ক্ৰিকেটৰ পৰা বেছিভাগ সময় দূৰত থাকে। হাতত অগাধ সময়। সেয়ে নিজৰ বাগিচাত খেতিত ধৰিছে মাহীয়ে। ৰাঁচীত তেওঁৰ ৫২ একৰৰ ফাৰ্ম হাউছত আছে বিশাল পলি হাউছ। ফাৰ্ম হাউছত খেতি কৰা সকলো শাক–পাচলি আৰু ফল এই পলি হাউছৰ বীজৰ পৰাই তৈয়াৰ কৰা হয়। ইয়াৰ কাৰণ, উন্নত মানৰ আৰু ভাল মানৰ গছৰ খেতি কৰা। ধোনীৰ এই পলি হাউছত এতিয়া হালধীয়া ৰঙৰ তৰমুজ হৈছে। এই তৰমুজ যিমান ৰসাল, সিমানেই মিঠাই। ইয়াৰ উপৰি শীতৰ সময়ত ফুলকবি, বন্ধাকবিৰ লগতে বহু বতৰৰ শাক–পাতলিৰ খেতি কৰা হয়। ৰাঁচীত থাকিলে বেছিভাগ সময় এই ফাৰ্ম হাউছত কটায় ধোনীয়ে। আনকি কিমান মাটিত কি খেতি লগোৱা হৈছে তাৰ তদাৰক কৰে ধোনী আৰু পত্নী সাক্ষীয়ে। ধোনীৰ এটা পলি হাউছত ৰঙা, হালধীয়া, সেউজীয়া ৰঙৰ শিমলা মিৰ্চৰ খেতি কৰা হৈছিল। আন এটা পলি হাউছত ফলৰ খেতি। ধোনীৰ পলা হাউছত কৰা হালধীয়া তৰমুজ খুব মিঠা। দেখাত বাহিৰত হালধীয়া হ’লেও ভিতৰত ৰঙা। ধোনীয়ে এইবাৰ বিশেষ এক ধৰণৰ গোম খেতি কৰিছে। ইয়াৰ উপৰি ভাল জাতৰ বিলাহী, জলকীয়া, ফুলকবিৰ খেতিও আছে ধোনীৰ পলি হাউছত।