ভাৰতীয় ক্ৰিকেটাৰসকলৰ পত্নী, কন্যাসকলো অতি জনপ্ৰিয়। জানেনে ভাৰতীয় ক্ৰিকেটাৰসকলৰ কন্যাসকলৰ নামৰ অৰ্থ? প্ৰাক্তন পেছাৰ আশিস নেহৰাৰ কন্যাৰ নাম আৰিয়ানা। ইয়াৰ অৰ্থ হ’ল আটাইতকৈ পৱিত্ৰ। বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ কন্যাৰ নাম ভামিকা। দেৱী দুৰ্গাৰ আন এটা নাম ভামিকা। ৬ ফেব্ৰুৱাৰী ২০১৫ত মহেন্দ্ৰ সিং ধোনী আৰু সাক্ষীৰ ঘৰলৈ আহিছিল এটি কণমানি। নাম ৰাখিছিল জিভা। এই জিভা শব্দৰ অৰ্থ চমক। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন স্পীনাৰ হৰভজন সিং আৰু তেওঁৰ পত্নী বলীউদ অভিনেত্ৰী গীতা বছৰাৰ কন্যাৰ নাম হিনায়া হীৰ প্লাহা। ২০১৬ চনত জন্ম হৈছিল তেওঁলোকৰ কন্যাৰ। হিনায়া হীৰ মানে সুন্দৰী পৰী। ভাৰতীয় দলৰ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰৰ দুই কন্যা আছে। তেওঁলোকৰ নাম আজিন আৰু আনাইজা। দুয়োটাই আৰবী শব্দ। আজিন মানে সৌন্দৰ্য। আনাইজা শব্দৰ অৰ্থ সন্মানীয়।