দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ODI চিৰিজত ০-৩ ব্যৱধানত পৰাস্ত হৈছে টিম ইণ্ডিয়া। ইয়াৰ পূৰ্বে টেষ্ট চিৰিজত ১-২ ব্যৱধানত পৰাস্ত হৈছিল কোহলীবাহিনী। এইবাৰ চিৰিজ জয়ৰ পিছত দক্ষিণ আফ্ৰিকাৰ স্পীন বলাৰ কেশৱ মহাৰাজৰ এটা বক্তব্য। ৱানডে চিৰিজত ভাৰতীয় বলাৰক টক্কৰ দিছে দক্ষিণ আফ্ৰিকাৰৰ স্পীনাৰে। ভাৰতীয় দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে জনাইছে, মিডল অৰ্ডাৰে আশা কৰা ধৰণে পাৰফৰ্ম কৰিব পৰা নাই। গতিকে চিৰিজ পৰাস্ত হৈছে। ছচিয়েল মিডিয়াত কেশৱ মহাৰাজে লিখিছে- অসাধাৰণ চিৰিজ খেলিলো। মই এইদলক লৈ গৰ্বিত। আমি পৰিশ্ৰমৰ বাবে ইমান দূৰলৈ আহিছো। এতিয়া পৰৱৰ্তী চিৰিজৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়। জয় শ্ৰী ৰাম। কেশম মহাৰাজ ভাৰতীয়। তেওঁ ভাৰতীয় সংস্কৃতিৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত। ইয়াৰ পূৰ্বে কেশৱ মহাৰাজে ভাৰতীয় উৎসৱকলৈ লিখিছিল ছচিয়েল মিডিয়াত। কেশৱ মহাৰাজৰ পৰিয়াল মূলতঃ উত্তৰপ্ৰদেশৰ চুলতানপুৰৰ বাসিন্দা। কিন্তু তেওঁ জনোৱা মতে, ১৯৭৪ চনত তেওঁলোকৰ পৰিয়াল চুলতানপুৰৰ পৰা ডাৰবানলৈ গুচি আহিছিল। ৩১ বছৰীয়া বাওঁহতীয়া স্পীনাৰ কেশৱ মহাৰাজে ৱানডে চিৰিজত বিধ্বংসী বলীং কৰে। বিৰাট কোহলীৰ উইকেটো লৈছিল তেওঁ। ছিৰিজত মুঠ ৩টা উইকেট দখল কৰিছিল। প্ৰথম মেচত ১০ অভাৰত ৪২ ৰান আৰু তৃতীয় ৱানডেত মাত্ৰ ৩৯ ৰান দিছিল তেওঁ। বিৰাট কোহলীৰ উইকেটো লৈছিল তেওঁ। ছিৰিজত মুঠ ৩টা উইকেট দখল কৰিছিল। প্ৰথম মেচত ১০ অভাৰত ৪২ ৰান আৰু তৃতীয় ৱানডেত মাত্ৰ ৩৯ ৰান দিছিল তেওঁ।