মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians)ৰ জাৰ্চী পিন্ধি অনুশীলনত ব্যস্ত যশপ্ৰীত বুমৰাহ(Jashprit Bumrah)। কিন্তু অনুশীলনৰ মাজতে, তেওঁ তেওঁৰ পত্নী সঞ্জনা গণেশনক বহুত মিছ কৰিছে। বুমৰাহে তেওঁৰ পত্নীৰ সৈতে তোলা এখন থ্ৰোবেক ফটো শ্বেয়াৰ কৰি লিখিছে - সোনকালে ঘৰলৈ আহাঁ। ইনচাইড জ'কচবোৰে আমাৰ হাঁহিবোৰ মিছ কৰিছে। বুমৰাহক তেওঁৰ পত্নীয়ে উত্তৰ দিছে। তেওঁ লিখিছে, "মই তোমাৰ বাবে ঘৰলৈ দৌৰি আছোঁ। বুমৰাহৰ পত্নী সঞ্জনা এগৰাকী স্পোর্টস প্রেজেণ্টাৰ (Sports Presenter)। তেওঁ এতিয়া নিউজিলেণ্ডত মহিলা বিশ্বকাপ কভাৰ কৰি আছে। বুমৰাহ আৰু সঞ্জনাই যোৱা বছৰৰ ১৫ মাৰ্চত গোৱাত বিবাহ পাশত আৱদ্ধ হৈছিল। কেইদিনমান আগতে, তেওঁলোকে তেওঁলোকৰ বিবাহ বাৰ্ষিকী উদযাপন কৰিছিল। বুমৰাহক মুম্বাই ইণ্ডিয়ানছে IPL২০২২ ৰ বাবে ১২ কোটি টকাত ৰিটেইন কৰি ৰাখিছিল। ২৭ মাৰ্চত দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্ৰথমখন খেলেৰে বুমৰাহৰ মুম্বাই ইণ্ডিয়ানছে তেওঁলোকৰ আই পি এল ২০২২ৰ অভিযান আৰম্ভ কৰিব।