ভাৰতীয় ক্ৰিকেট দলৰ সদ্য প্ৰাক্তন অধিনায়ক বিৰাট কোহলী, পৃথিৱীৰ অন্যতম প্ৰতিভাৱান ক্ৰিকেটাৰসকলৰ ভিতৰত এজন। (ফাইল ফটো) টি ২০ বিশ্বকাপৰ (T20 World Cup 2021) পূৰ্বে অধিনায়কত্ব এৰিছিল বিৰাটে। তাৰ পিছত ব’ৰ্ডৰ ফালৰ পৰা বিৰাটক এদিনীয়া অধিনায়কত্বৰ পৰাও আঁতৰোৱা হয়। (ফাইল ফটো) বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ বগা বলৰ ফৰ্মেটত অধিনায়ক ৰোহিত শৰ্মা। অৱশ্যে আঘাতৰ সমস্যাৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণত কে এল ৰাহুলে টি২০ আৰু এদিনীয়াত অধিনায়কত্ব কৰিছে। (ফাইল ফটো) ৰোহিতৰ সৈতে বিৰাটৰ বিবাদক লৈ বহু সময়ত চৰ্চা চলিছিল। বিৰাট নেতৃত্বৰ পৰা আঁতৰি যোৱাৰ পিছত জনাইছিল যে ৰোহিতৰ সৈতে কোনো বিবাদ নাই। (ফাইল ফটো) আচল বিষয়টো হ’ল বিৰাট নেতৃত্বৰ পৰা আঁতৰি যোৱাৰ পিছত যিসকল হ’ব পাৰে বিৰাটৰ শত্ৰু। কিয়নো অধিনায়ক হৈ থকাৰসময়ত বিৰাটে এইসকল খেলুৱৈক দলৰ বাহিৰত ৰাখিছিল। (ফাইল ফটো) কুলদীপ যাদৱ বহুদিন ধৰি দলৰ বাহিৰত আছে। অৱশ্যে ফৰ্ম বৰ্তমান ভাল নহয়। টি২০ বিশ্বকাপত খেলা নাই তেওঁ। কিছুদিন ধৰি কুলদীপ যাদৱ ছন্দত নাই। নিউজীলেণ্ড ছিৰিজতো খেলা নাই কুলদীপে। (ফাইল ফটো) বৰ্তমান ভাৰতীয় দলৰ আটাইতকৈ অভিজ্ঞ স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট ক্ৰিকেটৰ পিছত এদিনীয়াতো চমক দিবলৈ আৰম্ভ কৰিছে। টেষ্ট ক্ৰিকেটত অশ্বিন এক ডাঙৰ অস্ত্ৰ। (ফাইল ফটো) বিগত চাৰি বছৰ অৰ্থাৎ দীৰ্ঘ সময় ধৰি দলত নাই অশ্বিন। কিন্তু এইবাৰ ধামাকাৰ সৈতে উভতি আহিছে। টি২০ বিশ্বকাপৰ পিছত নিউজীলেণ্ডৰ বিৰুদ্ধেও সুন্দৰ খেল খেলিছে। (ফাইল ফটো) এটা সময়ত য়ুজবেন্দ্ৰ চহল আৰু কুলদীপ যাদৱৰ বাবেই দলৰ পৰা বাদ পৰিছিল অশ্বিন। ৰোহিতৰ অধিনায়কত্বত পুনৰ ডাঙৰ সুযোগ আহিছে অশ্বিনৰ সন্মুখত। এই খেলুৱৈগৰাকী আগলৈ বিৰাটৰ বিশাল শত্ৰু হ’ব পাৰে। (ফাইল ফটো) ঈশান কিশান টীম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেন। বৰ্তমান অন্যতম প্ৰতিভাৱান খেলুৱৈসকলৰ ভিতৰত এজন। কিন্তু ঋষভ পন্তৰ উপস্থিতিত সকলো সময়তে বিৰাট কোহলীয়ে ঈশান কিশানক অৱহেলা কৰিছে বুলি অভিযোগ কৰা হয়। (ফাইল ফটো) মুম্বাই ইণ্ডিয়ানছতো ৰোহিতৰ অধিনায়কত্বত ঈশান কিশানে অধিক সুযোগ পাব পাৰে। ভৱিষ্যতে আৰু ভাল হ’ব পাৰে। (ফাইল ফটো)