আইপিএলৰ জনপ্ৰিয়তাক লৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু জানেনে যে সমগ্ৰ বিশ্বত যিমান টি–২০ ফ্ৰেঞ্চাইজী লীগ হয়, তাৰ মাজত আটাইতকৈ বেছি টকা পোৱা যায় আইপিএলত। আইপিএল মানেই টকাৰ বৰষুণ! কিন্তু বিজয়ী দলে কিমান টকা লাভ কৰে সেয়া শুনিলে আপুনি অবাক হৈ পৰিব। ২০০৮ চনত আৰম্ভ হৈছিল আইপিএল। সেইবাৰ বিজয়ী হিচাপে ৰাজস্থান ৰয়েলছে ৪ কোটি ৮০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিছিল। প্ৰথমবাৰ ৰানাৰ্ছআপ হিচাপে চেন্নাই ছুপাৰ কিংছে পাইছিল ২.৪০ কোটি টকা। কিন্তু বিগত ১৫ বছৰে আইপিএলৰ প্ৰাইজমানি বৃদ্ধি পাইছে প্ৰায় ৫ গুণ। চলিত আইপিএলৰ বিজয়ী দলে লাভ কৰিব ২০ কোটি টকা। আইপিএল ২০২৩ত ৰানাৰ্ছআপ দলে পাব ১৩ কোটি টকা।