যুৱ পেছাৰ প্ৰসিদ্ধ কৃষ্ণা (Prasidh Krishna) বৰ্তমান সুন্দৰ ফৰ্মত আছে আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজত সুন্দৰ চমকপ্ৰদ প্ৰদৰ্শন কৰিছে। তেওঁ ছিৰিজৰ দুখন মেচত এতিয়ালৈ মুঠ ৬টা উইকেট দখল কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে খেলা ছিৰিজৰ দ্বিতীয়খন এদিনীয়াত প্ৰসিদ্ধ কৃষ্ণাই কেৱল ১২ ৰান দি ৪টা উইকেট দখল কৰে। ধাৰণা কৰা হৈছে যে প্ৰসিদ্ধ কৃষ্ণাৰ ওপৰত আইপিএলৰ আগন্তুক ছিজনৰ পূৰ্বে হ’বলগীয়া মেগা অকচনত পৰিব পাৰে টকাৰ বৰষুণ। তেওঁ বিগত ছিজনত কলকাতা নাইট ৰাইডাৰ্ছৰ অংশ আছিল। (AP)
প্ৰসিদ্ধ কৃষ্ণাই বিগত ছিজনত কলকাতা নাইঠ ৰাইডাৰ্ছৰ হৈ খেলিছিল। এতিয়া একাংশ অনুৰাগীৰ বিশ্বাস যে এই ফ্ৰেঞ্চাইজীয়ে ১২–১৩ ফেব্ৰুৱাৰীত হ’বলগীয়া মেগা অকচনত তেওঁক চুক্তিবদ্ধ কৰিব পাৰে। কেকেআৰে আন্দ্ৰে ৰাছেল, সুনীল নৰেন, ভেংকটেশ আয়াৰ আৰু বৰুণ চক্ৰৱৰ্তীক ৰিটেন কৰিছে। ইয়াৰ লগতে পঞ্জাব কিংছ দলেও তেওঁৰ ওপৰত নজৰ ৰাখিব পাৰে। পঞ্জাবে কেৱল দুজন খেলুৱৈক ৰিটেন কৰিছে আৰু তেওঁলোকৰ উদ্দেশ্য নতুন দল গঠন কৰা। আনহাতে, ৰাজস্থান ৰয়েলছ দলেও প্ৰসিদ্ধক দলত সুবিধা দিব পাৰে। (Instagram)