ইয়াৰ ভিতৰত ৰিপ’ৰ্ট অনুসৰি, হাৰ্দিক পাণ্ডিয়াই (Hardik Pandya) আহমেদাবাদ দলৰ অধিনায়ক হ’ব বিচাৰিছে। এইবাৰ প্ৰথমবাৰৰ বাবে আইপিএলত খেলিব আহমেদাবাদে। বিগত দিনত ৰিটেনচন তালিকাৰ পৰা বাদ দিয়া হৈছে হাৰ্দিক পাণ্ডিয়াৰ নাম। দুৰ্বল প্ৰদৰ্শনৰ বাবে এইবাৰ তেওঁক দলত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ নকৰিলে মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians)। (Hardik Pandya Instagram)
বিৰাট কোহলীয়ে (Virat Kohli) আৰচিবিৰ অধিনায়কৰ পদ এৰি দিছে। এনে অৱস্থাত অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলে অধিনায়ক হ’ব পাৰে। ইয়াৰ উপৰি পঞ্জাব কিংছৰ অধিনায়কৰ দায়িত্ব মায়াংক আগৰৱাল আৰু কেকেআৰৰ অধিনায়ক হিচাপে দায়িত্ব দিয়া হ’ব পাৰে আন্দ্ৰে ৰাছেলক। কিছুদিন পূৰ্বে ৮টা দলে ২৭জনক ৰিটেন কৰিছে। আগন্তুক মাহত মেগা অকচনৰ প্ৰস্তুতি চলিছে। (AFP)