আই পি এল ২০২২ ((IPL 2022))ৰ ফাইনেলত পুনৰবাৰ বেটছমেনসকলে ৰানৰ বৰষুণ কৰিব পাৰে। দেওবাৰে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব টি-২০ লীগৰ ১৫ সংখ্যক ছিজনৰ ফাইনেলত। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এইখন খেল। ৰাজস্থানৰ অ’পেনাৰ বেটছমেন জোছ বাটলাৰে এতিয়ালৈকে ৪টা শতক অৰ্জন কৰিছে।
গুজৰাট টাইটানছৰ হৈ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ৪টা অৰ্ধশতকৰ সৈতে ৪৫৩ ৰান সংগ্ৰহ কৰিছে । ষ্ট্ৰাইক ৰেট হৈছে ১৩৩। একে সময়তে দলটোৰ আন এজন বেটছমেন ডেভিদ মিলাৰে গড়ে ৬৪ ৰান কৰি ৪৪৯ ৰান সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট হৈছে ১৪১। ৰাজস্থানৰ বিৰুদ্ধে এতিয়ালৈকে ২ খন মেচত পাণ্ডিয়া আৰু মিলাৰ দুয়োজনেই আউট হোৱা নাই। (GT Instagram)