মিডিয়াম পেছাৰ ৰাজ বাৱাই ইংলেণ্ডৰ বেটছমেনসকলক শিৰনট কৰিবলৈ বাধ্য কৰে। হিমাচল প্ৰদেশত জন্মগ্ৰহণ কৰা ৰাজে ৯.৫ অভাৰত মাত্ৰ ৩১ ৰান দি ৫টা উইকেট দখল কৰে। ইংলেণ্ড দলে ফাইনেলত ৪৪.৫ অভাৰত ১৮৯ ৰান সংগ্ৰহ কৰি অলআউট হয়। ৰাজে বেটিঙেৰেও দিলে চমক। দললৈ ৩৫ ৰানৰ অনবদ্য বৰঙণি আগবঢ়ালে ক্ৰিকেটাৰগৰাকীয়ে। (Twitter/BCCI)
অন্ধ্ৰ প্ৰদেশৰ বেটছমেন শ্বেখ ৰছিদে টুৰ্ণামেণ্টত ভাৰতীয় দলৰ উপ–অধিনায়কৰ দায়িত্ব চম্ভালে। তেওঁ ফাইনেলত অৰ্ধশতক সংগ্ৰহ কৰে। তৃতীয় স্থানত বেটিং কৰা শ্বেখ ৰছিদে ৮৪টা বলত ৬টা চাৰিৰ সহায় ৫০ ৰান সংগ্ৰহ কৰে। শ্বেখেই ছেমি ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যশ ধুলৰ সৈতে শতকীয় ইনিংছেৰে দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। (Instagram)
ভাৰতীয় দলে লক্ষ্য অনুসৰণ কৰি ৯৭ ৰানত ৪টা উইকেট হেৰুৱাইছিল। সেই সময়তে এক মজবুত যুটীৰ প্ৰয়োজনীয়তা আছিল। তেতিয়া নিশান্ত সিন্ধুৱে কেৱল অৰ্ধশতক সংগ্ৰহ কৰাই নহয় অপৰাজিত হৈ থাকি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হাৰিয়ানাৰ হিছাৰত জন্মগ্ৰহণ কৰা এই খেলুৱৈগৰাকীয়ে ৫৪টা বলত ৫টা চাৰি আৰু এটা ছয়ৰ সহায়ত ৫০ ৰান সংগ্ৰহ কৰে। তেওঁ ৰাজ বাৱাৰ সৈতে পঞ্চম উইকেটত ৬৭ ৰানৰ উল্লেখযোগ্য অৱদান আগবঢ়ায়। (Instagram/Nishant_sindhu09)