টি–২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ প্ৰদৰ্শন একেবাৰে ভাল নাছিল। ছেমি ফাইনেলত প্ৰৱেশ কৰাটো ব্যৰ্থ হয় কোহলি বাহিনী। কেইটামান কাৰণৰ বাবেই প্ৰতিযোগিতাৰ প্ৰাথমিক পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হয় ভাৰতীয় ক্ৰিকেট দলে। বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতক প্ৰবল দাবীদাৰ বুলিয়ে ধাৰণা কৰিছিল বিশেষজ্ঞসকলে। কিন্তু পাকিস্তান আৰু নিউজীলেণ্ডৰ হাতত একেৰাহে দুখন খেলত পৰাস্ত হোৱাৰ পিছতে একপ্ৰকাৰ ধাৰণা কৰিব পৰা হৈছিল এইবাৰৰ বিশ্বকাপ অভিযান কি হ’ব পাৰে সেই বিষয়ে। (ফটো : এপি)
ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে প্ৰধানকৈ দায়ী বেটছমেনসকল। তেওঁলোকে প্ৰয়োজনত নিজৰ সৰ্বস্ব উজাৰি দিব নোৱাৰিলে দলৰ বাবে। প্ৰথম দুখন ডাঙৰ মেচত তাচপাতৰ দৰে খহি পৰিছিল বিশ্ববিখ্যাত বেটিং লাইনআপ। নতুন বলৰ সন্মুখত ৰোহীত–ৰাহুল যুটীৰ অসহায় আত্মসমৰ্পণে ভাৰতীয় মেনেজমেণ্টক ভাৱিবলৈ বাধ্য কৰিছিল, আফগানিস্তান আৰু স্কটলেণ্ডৰ সৈতে মেচৰ পিছতে ছন্দ ওভতাই পায় অপেনিং যুটীয়ে। কিন্তু তেতিয়ালৈ যেন পলম হৈ গৈছিল। (ফটো : এপি)
দলত কোনো অলৰাউণ্ডাৰ নথকাটো বাৰুকৈয়ে অনুভৱ কৰিবলগীয়া হৈছে ভাৰতীয় দলে। দলত অৱশ্যে হাৰ্দিক পাণ্ডিয়া আছিল, কিন্তু প্ৰথম দুখন মেচত কোনো উইকেট নাপালে তেওঁ। বৰুণ চক্ৰৱৰ্তীয়েও ফিটনেছৰ সমস্যাত ভুগিছে। ইতিহাসত এনে কোনো বিশ্বজয়ী দল নাই যাৰ কোনো অলৰাউণ্ডাৰ নাই। সেয়া টি–২০ হওক বা এদিনীয়া ক্ৰিকেট। (ফটো : এপি)
ডাঙৰ মেচত লক্ষ্যহীনভাৱে বলিং কৰিছে ভাৰতীয় বলাৰসকলে। পাকিস্তানৰ সৈতে খেলত এটাও উইকেট ল’ব নোৱাৰিলে ভাৰতীয় বলাৰে। নিউজীলেণ্ডৰ সৈতে মেচত দুটা উইকেট ল’বলৈ সক্ষম হয় কোহলী ব্ৰিগেডে। আফগানিস্তান আৰু স্কটলেণ্ডৰ মেচ বৃহৎ ব্যৱধানত জিকি ছেমিত প্ৰৱেশৰ সপোন দেখিছিল টীম ইণ্ডিয়াই। কিন্তু দেওবাৰে নিউজীলেণ্ডৰ জয়ে সকলো সপোন চূৰমাৰ কৰি পেলালে। (ফটো : এএফপি)
ক্ৰমাগত মেচে ক্লান্ত কৰিছে নেকি ক্ৰিকেটাৰসকলক? আইপিএলৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত হৈছে ইউএইত। খেলুৱৈসকলৰ সুবিধাতকৈ ক্ষতি হৈছে। ফিটনেছ সমস্যাই বাৰে বাৰে বিপদত পেলাইছে দলক। ভাৰতীয় ক্ৰিকেটাৰসকলে ধাৰাবাহিকভাৱে খেলিছে যদিও আন দেশৰ খেলুৱৈসকলক বিশ্ৰাম দিয়া হৈছে বা আইপিএলৰ দ্বিতীয় পৰ্যায়ত তেওঁলোকক পঠিওৱা হোৱা নাছিল। (ফটো : পিটিআই)