তেওঁ যিখন একাডেমিত প্ৰেকটিচ কৰিছিল তাৰ মাহত ভাড়া আছিল ৫০ টকা এটা সময়ত দুই তিনিমাহৰ ভাড়া বাকী থাকে। সেই ৰোহিত শৰ্মাই এতিয়া মুম্বাইৰ দৰে চহৰত ৩০ কোটি টকাৰ এপাৰ্টমেণ্টত থাকে। ঘৰ নুবুলি ৰাজপ্ৰাসাদ বুলিব পাৰি।
2/ 5
৬ হাজাৰ স্কোৱেৰ ফিটৰ এপাৰ্টমেণ্ট। চাৰিটা কিং ছাইজ ঘৰ, কিটচেন, ডাইনিং, হল, বেলকনি, লিভিং ৰুম, কনফাৰেন্স ৰুম, কি নাই তাত! ২০১৫ চনত এই এপাৰ্টমেণ্টটো কিনিছিল ৰোহিত শৰ্মাই।
3/ 5
বেলকনিৰ পৰা দেখা যায় সাগৰ। ঘৰৰ নেমপ্লেটত ৰোহিতৰ সৈতে পত্নী ৰীতিকা আৰু কন্যা ছামায়াৰ নাম আছে। ঘৰৰ সমগ্ৰ ছিষ্টেম ছুইচৰ মাধ্যমেৰে অপাৰেট কৰিব পাৰি।
4/ 5
ঘৰৰ বিভিন্ন স্থানত দামী সামগ্ৰী, চকুতলগা লাইট। আহুজা এপাৰ্টমেণ্টৰ বিলাসবহুল সুবিধাৰ মাজত আছে এটা ক্লাব হাউছ আৰু এণ্টাৰটেইনমেণ্ট এৰিয়া। ইয়াৰ উপৰি তাত এখন স্পা, জেকুজি, মিনি থিয়েটাৰ, যোগ–ব্য়ায়ামৰ ৰুম, ছিগাৰ ৰুম, ৱাইন ছেলাৰ আৰু এটা বিজনেছ এৰিয়া।
5/ 5
ঘৰৰ প্ৰৱেশ পথৰ কাষতে আছে এটা কৃত্ৰিম নিজৰা। ইয়াৰ উপৰি ঘৰ সজোৱাৰ বাবে আৰু মিউজিকৰ বাবে বহু দামী সামগ্ৰী আছে।