ফিফা বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। এইবাৰৰ বিশ্বকাপত একাধিক নতুন নতুন বিষয়ে চৰ্চা লাভ কৰিছে। তাৰ ভিতৰত এটা হ’ল দোহাত নিৰ্মাণ হোৱা ষ্টেডিয়াম নম্বৰ ৯৭৪। এই ষ্টেডিয়ামখন কণ্টেইনাৰেৰে নিৰ্মাণ কৰা হৈছে। খেল শেষ হ’ল, গতিকে এতিয়া ভাঙি পেলোৱা হ’ব ষ্টেডিয়ামখন। ব্ৰাজিল বনাম দক্ষিণ কোৰিয়াৰ মেচখন এই ষ্টেডিয়ামখনৰ অন্তিম মেচ আছিল। যিখন মেচত ৪–১ গলত ব্ৰাজিল জয়ী হৈছিল। সেই ষ্টেডিয়ামখন আৰু তাত নাথাকিব। কণ্টেইনাৰবোৰ ভাঙি আকৌ আন দেশলৈ নিয়া হ’ব। নতুন স্থানত নিৰ্মাণ কৰা হ’ব ষ্টেডিয়াম। কণ্টেইনাৰ খুলি নিয়াৰ পিছত ষ্টীলৰ কনষ্ট্ৰাকচনো একেদৰেই খুলি নিয়া হ’ব।