বিশ্বকাপত গ্ৰুপ পৰ্বৰ শেষ মেচত চাৰ্বিয়াৰ প্ৰতিপক্ষ ছুইজাৰলেণ্ড। সেই মেচৰ পূৰ্বে দলৰ ভিতৰচ’ৰাত মহা বিতৰ্ক। গলকীপাৰৰ পত্নীৰ সৈতে বিবাহবহিৰ্ভূত সম্পৰ্কৰ অভিযোগ। যাক লৈ ইতিমধ্যেই তীব্ৰ চৰ্চা হৈছে বিশ্বকাপত। গলকীপাৰ প্ৰেদ্ৰাগ ৰাজকোভিচৰ পত্নী আনাৰ সৈতে দলৰ তাৰকা ষ্ট্ৰাইকাৰ দুসান ভ্লাহোচিছ সম্পৰ্ক কৰাৰ অভিযোগ। আনকি একেলগে নিশা কটাবলৈ গৈ ধৰা পৰিছে বুলিও অভিযোগ। সংবাদ মাধ্যমৰ পৰা ইণ্টাৰনেট জগতলৈ সকলোতে ইয়াকে লৈ চৰ্চা চলিছে। গলকীপাৰ প্ৰেদ্ৰাগ ৰাজকোভিচৰ পত্নী আনা দেখিবলৈ খুব সুন্দৰ। ছচিয়েল মিডিয়াত তেওঁৰ ফটোৱে জোৱাৰ তোলে। আনাৰ সৈতে প্ৰেদ্ৰাগ ৰাজকোভিচৰ সম্পৰ্ক খুবেই ভাল। তেওঁলোকৰ নানা মুহূৰ্তৰ ফটো ছচিয়েল মিডিয়াত দেখা যায়। কিন্তু এনে অভিযোগ উঠাত খুবেই বিৰক্ত ছাৰ্বিয়াৰ ষ্ট্ৰাইকাৰ দুছান ভ্লাহোভিচ। তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ মিছা বুলি জনাইছে তেওঁ। এই ঘটনাত ছাৰ্বিয়াৰ গলকীপাৰ আৰু ষ্ট্ৰাইকাৰৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাইছে বুলিও খবৰ।