চাৰিবাৰৰ বিশ্বকাপ চেম্পিয়ন জাৰ্মানী বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰা বাহিৰ হৈছে । গ্ৰুপ ইৰ অন্তিম খন খেলত কোষ্টাৰিকাৰ বিৰুদ্ধে ৪-২ গ'লত জয়লাভ কৰিছিল, কিন্তু দলটোৱে শেষ ৰক্ষা কৰিব নোৱাৰিলে।Photo Courtesy- Twitter ইফালে, জাপান আৰু স্পেইনৰ গ্ৰুপ পৰ্যায়ৰ অন্তিম খন খেলৰ ফলাফল আছিল ২-১, সেয়েহে জাপানে গ্ৰুপৰ শীৰ্ষৰ পৰা ৰাউণ্ড অফ ষোল্ললৈ গৈছে। আনহাতে হাৰিলেও স্পেইনে গ'লৰ পাৰ্থক্যৰ বাবে ৰাউণ্ড অফ ষোল্লত স্থান লাব কৰিছে। Photo Courtesy- Twitter গানব্ৰীয়ে ১০ মিনিটত জাৰ্মানীক আগুৱাই দি শেষ ষোল্ললৈ টিকট লাভ কৰাৰ প্ৰয়াস চলায়, প্ৰথমাৰ্ধত, আন কোনেও স্ক'ৰিং কৰিব নোৱাৰিলে। ৫৮ মিনিটত কোষ্টাৰিকাই সমতা স্থাপন কৰে।৭০ মিনিটত মেনুৱেল নিউয়েৰৰ গ'ল। Photo Courtesy- Twitter পিছ পৰি থকা জাৰ্মানীয়ে আক্ৰমণ কৰে। ৭৩ আৰু ৮৫ মিনিটত হেভাৰ্টজে দুবাৰ কৈ গ'ল কৰে, আনহাতে ফুলকুৰ্গে ৮৯ মিনিটত গ'ল কৰি জাৰ্মানীক ৪-২ গ'লত বিজয়ী কৰোৱায়। Photo Courtesy- Twitter ইফালে, জাপানে স্পেইনক ২-১ গ'লত পৰাস্ত কৰে, প্ৰথমতে খেলখনৰ ১১ মিনিটত স্পেইনৰ মোৰাতাই গ'ল কৰে, কিন্তু জাপানে এই বছৰৰ বিশ্বকাপক আচৰিত কৰিবলৈ সাজু হয়, খেলখনৰ ৪৮ আৰু ৫১ মিনিটত জাপানে গ'ল কৰে। Photo Courtesy- Twitter জাপানৰ হৈ ড'ন আৰু তানাকাই দুটা গ'ল কৰে আৰু তিনিখন খেলৰ ভিতৰত দুখনত জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান লাভ কৰে। Photo Courtesy- Twitter