ভাৰতীয় ক্ৰিকেটলৈ মহেন্দ্ৰ সিং ধোনীৰ অৱদান উল্লেখনীয়। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে মহেন্দ্ৰ সিং ধোনীয়ে ভাৰতীয় দলক দিছিল ঈৰ্ষণীয় সফলতা। গতিকে ধোনীৰ অৱদানলৈ সন্মান জনাই ধোনীৰ অৱসৰৰ পিছতো ধোনীয়ে পৰিধান কৰা ৭ নম্বৰৰ জাৰ্চী কোনো ভাৰতীয় খেলুৱৈয়ে পৰিধান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে! অহাবছৰ অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ পিছতে মহেন্দ্ৰ সিং ধোনীয়ে বিদায় জনাব পাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক! ধোনীৰ নেতৃত্বতে ভাৰতে বিশ্বকাপৰ খিতাপ জয় কৰিছিল, সেইদৰে টি–২০ বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, এছিয়া কাপ আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলে। এতিয়া অধিনায়ক নহ’লেও প্ৰতিখন খেলতে খেল পথাৰত ধোনীয়ে যি বিচক্ষণতাৰ পৰিচয় দিয়ে, সেয়া নিস্বাৰ্থ ভাবে মানি লয় ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে। এনেদৰে ধোনীৰ প্ৰতি ভাৰতীয় ক্ৰিকেটে যি সন্মান জনাব বিচাৰিছে, সেয়া নিসন্দেহে প্ৰশংসাৰ যোগ্য।