আইপিএলৰ সকলো ফ্ৰেঞ্চাইজীয়ে দক্ষিণ আফ্ৰিকাৰ ডেৱাল্ড ব্ৰেভিছৰ ফালে নজৰ ৰাখিছে। যি বেবি এবি ডি ভিলিয়াৰ্ছ নামেৰে পৰিচিত। এইবাৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত অসাধাৰণ বেটিং কৰিছে তেওঁ। আইপিএল মেগা নিলামৰ পূৰ্বে আৰু এক চমকপ্ৰদ কাম কৰিলে ব্ৰেভিছে। আইচিচিৰ প্লেয়াৰ অব দ্য মান্থৰ বাবে মনোনীত হৈছে ব্ৰেভিছ। ছিনিয়ৰ পৰ্যায়ত টেষ্ট, এদিনীয়া আৰু টি২০ নেখেলাকৈ এই পুৰস্কাৰৰ বাবে মনোনীত হোৱা প্ৰথম ক্ৰিকেটাৰ ব্ৰেভিছ। ১৯ বছৰ অনুূৰ্ধ্ব বিশ্বকাপত ব্ৰেভিছে ৮৪.৩৩ গড়ে ৫০৬ ৰান কৰিছিল। টুৰ্ণামেণ্টৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী আছিল তেওঁ। আইচিচি অনূৰ্ধ্ব ১৯ বিশ্বকাপত এটা ছিজনত আটাইতকৈ বেছি ৰান কৰাৰো অভিলেখ ৰচিছে তেওঁ। এইবাৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হয় বেবি এবি ডিভিলিয়াৰ্ছ। ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বেবি এবিয়ে ভাৰতৰ বিৰুদ্ধে ৬৫ ৰান, উগাণ্ডাৰ বিৰুদ্ধে চেঞ্চুৰী, আয়াৰলেণ্ডৰ বিৰুদ্ধে ৯৬ ৰান, ইংলেণ্ডৰ বিৰুদ্ধে ৯৭ ৰান আৰু বাংলাদেশৰ বিৰুদ্ধে ১৩৮ ৰান কৰে।