১৯৯৭ চনত বল গাৰ্ল ৰূপে পৰিচিতিৰ পিছত বিশ্বকাপত সৰ্বাধিকসংখ্যক উইকেট দখলৰ ৰেকৰ্ড আছে তেওঁৰ। তেওঁ ভাবিছিল যে তেওঁ অন্ততঃ এইবাৰ বিশ্বকাপ স্পৰ্শ কৰিব। কিন্তু সেয়া সম্ভৱ নহ'ল। ভাৰতীয় মহিলা ক্ৰিকেট দলে বিশ্বকাপখনৰ অন্তিম বলত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছত মিতালী ৰাজ, ঝুলন গোস্বামীৰ ছেমিফাইনেলত প্ৰৱেশৰ আশা সমাপ্ত হয়।