পুনৰ বিশ্বকাপত আঘাতৰ কবলত পৰিছে নেইমাৰ। কাতাৰ বিশ্বকাপত নিজৰ প্ৰথমখন মেচত ছাৰ্বিয়াৰ বিৰুদ্ধে ২–০ গ’লত জিকিলেও বেয়া খবৰ সাম্বা বাহিনীৰ বাবে। ব্ৰাজিলিয়ান তাৰকাগৰাকী খেলপথাৰতে আঘাত পাই বাগৰি পৰে। মেচৰ ১১ মিনিটত ছাৰ্বিয়াৰ মিলেনোকোভিচৰ প্ৰত্যাহ্বানত গোৰোহাত অসুবিধা অনুভৱ কৰে। কিন্তু মেচৰ ৮১ মিনিটত তেওঁক তুলি নিয়া হয়। আনহাতে, সাংবাদিক সন্মিলনত আহি নেইমাৰৰ গোৰোহাৰ আঘাতৰ কথা স্বীকাৰ কৰে ব্ৰাজিলৰ টীমৰ চিকিৎসক ৰডৰিগো লেছমাৰে। তেওঁ জনাইছে, নেইমাৰে সোঁভৰিৰ গোৰোহাত আঘাত পাইছে যিটো চিন্তাৰ বিষয়। তেন্তে এই বিশ্বকাপতো ব্ৰাজিলিয়ান তাৰকাগৰাকীৰ খেলা নহ’ব নেকি এই প্ৰশ্ন উত্থাপিত হৈছে অনুৰাগীৰ মাজত। ২০১৮ত ঘৰুৱা মাটিত জাৰ্মানীৰ হাতত লজ্জাজনক পৰাজয়ৰ মেচতো খেলিব পৰা নাছিল। এইবাৰো প্ৰথম মেচতে সেই অশনি সংকেত নেকি! নেইমাৰে এতিয়ালৈ বিশ্বকাপত ১২খন মেচ খেলিছে আৰু ৬টা গ’ল কৰিছে।