BCCIৰ দাবী মান্যতা পোৱাৰ পথত। অহা বছৰ আটাইকেইটা ডাঙৰ দলৰ আন্তঃৰাষ্ট্ৰীয় শৃংখলা বন্ধ ৰাখি আঢ়ৈ মাহৰ বাবে অনুষ্ঠিত হ’ব IPL . আই চি চিয়ে ব’ৰ্ডৰ এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। সূত্ৰ অনুসৰি কেৱল আই পি এলেই নহয়, অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া বিগ বেছ লীগ আৰু অহা বছৰ ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া "দ্য হাণ্ড্ৰেড" প্ৰতিযোগিতাখনৰ বাবেও আই চি চিয়ে সুকীয়াকৈ সময় দিব। জনা গৈছে যে ২০২৪ চনৰ আই পি এলৰ সময়ছোৱাত আই চি চিয়ে আৰু অন্য ছিৰিজৰ আয়োজন নকৰে। বিচিচিআইয়ে আঢ়ৈ মাহৰ বাবে আয়োজন কৰিব আইপিএল। যিমানদূৰ জনা যায় ২০২৪ চনৰ আই পি এল মাৰ্চ মাহৰ শেষৰ ফালে আৰম্ভ হ’ব। আৰু জুন মাহলৈকে চলিব প্ৰতিযোগিতা। এতিয়া আই পি এল ২ মাহ। এইবাৰ বৃদ্ধি হ’ব আঢ়ৈ মাহলৈ। ইয়াৰ মাজতে পিচিবিয়ে আইচিচিৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিব যে কিয় পাকিস্তানৰ ক্ৰিকেটাৰসকলে আইপিএলত খেলিব নোৱাৰিব। কিন্তু সূত্ৰ অনুসৰি ভাৰত-পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্কৰ বাবে আইচিচিৰ কোনো সদস্যই এই সমস্যাক লৈ মূৰ নঘমায়।