দেশী গাৰ্লৰ প্ৰেমত ক্ৰিকেটাৰ গ্লেন মেক্সৱেল। শীঘ্ৰে তেওঁ হ’ব ভাৰতৰ জোঁৱাই। বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত প্ৰেমিকা ভিনি ৰমনৰ সৈতে বাগদান পৰ্ব হৈছিল মেক্সৱেলৰ। জানিব পৰা মতে, ২৭ মাৰ্চত বিবাহপাশত আবদ্ধ হ’ব দুয়ো। ভিনি ৰমন ভাৰতীয়। কিন্তু ডাঙৰ–দীঘল হৈছে অষ্ট্ৰেলিয়াত। ভিনি বা মেক্সৱেল, কোনেও তেওঁলোকৰ বিয়াৰ তাৰিখ প্ৰকাশ কৰা নাই। কিন্তু কাৰ্ড ছপা হৈ গৈছে। তাৰ পৰা বিয়াৰ খবৰ জনাইছে বহুতে। গ্লেন মেক্সৱেলক এইবাৰ আইপিএলৰ বাবে ৰিটেন কৰিছে আৰচিবিয়ে। কিন্তু আইপিএলৰ পূৰ্বেই তেওঁ বিবাহপাশত আবদ্ধ হ’ব। ফলত এইবাৰ আইপিএলত তেওঁক দেখা যাব নে নাই তাক লৈ চৰ্চা চলিছে। দীৰ্ঘদিন ধৰি ভিনি ৰমনৰ সৈতে সম্পৰ্কত আছে মেক্সৱেল। দুয়োৰে বহু ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ হৈছে।