ফিফা বিশ্বকাপ ২০২২ত শুকুৰবাৰে দুয়োখন কোৱাৰ্টাৰ ফাইনেলৰ মেচ অতি ৰোমাঞ্চকৰ হৈ পৰে। প্ৰথম কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেছিয়াই ব্ৰাজিলক পৰাস্ত কৰি ওলট–পালন কৰে পেলায় অংক। আনহাতে, মাজনিশা হোৱা দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আৰ্জেণ্টিনাই নেদাৰলেণ্ডছক পৰাস্ত কৰে। আৰ্জেণ্টিনাই পেনাল্টী শ্বুটআউটত ৪–৩ৰ ব্যৱধানত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে। আৰ্জেণ্টিনা এতিয়া ছেমিত মুখামুখি হ’ব ক্ৰ’ৱেছিয়াৰ। (ফটো-AP)
আর্জেণ্টিনাৰ দলে মেচৰ ৮০ মিনিটলৈ ২–০ত আগবাঢ়ি আছিল। আৰ্জেণ্টিনাৰ নেহুৱেল মলিনাই ৩৫ মিনিটত প্ৰথমটো গলস্ক’ৰ কৰে। ইয়াৰ পিছত মেছীয়ে ৭৩ মিনিটত গ’ল কৰি স্ক’ৰ ২–০লৈ আগবঢ়াই নিয়ে। কিন্তু অন্তিম ১০ মিনিটত নেদাৰলেণ্ডছে খেল ওলট–পালট কৰে দিয়ে। নেদাৰলেণ্ডছৰ ৱাউট ভেগোৰ্ষ্টে ক্ৰমাগতভাৱে দুটাকৈ গল দি সমতা স্থাপন কৰে। তেওঁ ৮৩ মিনিটত প্ৰথমটো গল কৰে আৰু পুনৰ অতিৰিক্ত সময়ত স্ক’ৰ ২–২ কৰে। (PIC: AP)
আনহাতে, ক্ৰ’ৱেছিয়াই নিজৰ গলকীপাৰ ডমিনিক লিভাকোভিচৰ সুন্দৰ প্ৰদৰ্শনৰ বলত পেনাল্টী শ্বুটআউটত পাঁচবাৰৰ চেম্পিয়ন ব্ৰাজিলক ৪–২ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত উপনীত হয়। দলটোৰ হিৰ’ লিভাকোভিচে ব্ৰাজিলৰ কোনো এটা শ্বট গল হ’বলৈ নিদিলে। নিয়মিত সময়ৰ পিছত অতিৰিক্ত সময়ত স্ক’ৰ ১–১ হয়। যাৰ ফলত পেনাল্টী শ্বুটআউটৰ সিদ্ধান্ত লোৱা হয়। মেচখন ইমানলৈ আগবঢ়াই নিয়াত ক্ৰ’ৱেছিয়াৰ গলকীপাৰ লিভাকোভিচৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। (AP)
মেচৰ সিদ্ধান্ত পেনাল্টী শ্বুটআউটত হ’বলগীয়া আছিল আৰু পেতকোভিচৰ গলে স্ক’ৰ সমান কৰি দিয়ে। স্পট কিকত ক্ৰ’ৱেছিয়াৰ বাবে নিকোলা ভ্লাছিচ, লোভৰো মাজেৰ, লুকা মোদৰিচ আৰু মিছলাভ ওৰিছিচে গল কৰে। ব্ৰাজিলৰ ৰড্ৰিগোৰ শ্বট লিভাকোভিচে ৰক্ষা কৰে। কাছিমিৰো আৰু পেড্ৰোৰ শ্বট সফল হয় যদিও মাৰ্কিনহোছৰ লক্ষ্যভ্ৰষ্ট হোৱাত সমগ্ৰ ষ্টেডিয়ামত উপস্থিত থকা ব্ৰাজিলৰ সমৰ্থকসকল মৌন হৈ পৰে। (ফটো-AP)
ক্ৰ’ৱেছিয়াই চাৰি বছৰ পূৰ্বে ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত হৈছিল। কাটাৰত অনুষ্ঠিত হোৱা ১৬ ৰাউণ্ডত জাপানৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটত জয়লাভ কৰাকে ধৰি দলটোৱে বিশ্বকাপৰ শেষৰ ছখন খেল অতিৰিক্ত সময়লৈ গৈছিল। প্ৰতিযোগিতাখনৰ যোৱা ১০খন নকআউট মেচৰ ভিতৰত ৮খন খেলত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে দলটোৱে। ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰাজিলৰ দলটোৱে ছেমি ফাইনেলত প্ৰৱেশৰ চেষ্টা চলাইছিল। (ফটো – (AP)