ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ইৰফান পাঠান (Irfan Pathan) পুনৰ পিতৃ হ’ল। ২৮ ডিচেম্বৰত ছচিয়েল মিডিয়াযোগে এই খবৰ জনালে ইৰফানে। (ফটো : ইনষ্টাগ্ৰাম) ইৰফান পাঠানে ইনষ্টাগ্ৰামত লিখিছে ছাফাৰ সৈতে তেওঁ পৰিয়ালৰ নতুন সদস্যক অভ্যৰ্থনা জনাইছে। তেওঁলোকৰ সদ্যোজাত সন্তান ছুলেইমান পাঠান আৰু পত্নী বৰ্তমান সুস্থ। (ফটো : ইনষ্টাগ্ৰাম) ২০১৪ চনত ইৰফান আৰু ছাফাৰ প্ৰথম দেখা গৈছিল। প্ৰথম দেখা ডুবাইত হৈছিল। ইয়াৰ পিছত ২০১৬ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। (ফটো : ইনষ্টাগ্ৰাম) ২০ ডিচেম্বৰ ২০১৬ত ছাফা বেইগে (Safa Baig) জন্ম দিছিল প্ৰথম সন্তান, ইৰফানৰ ডাঙৰ পুত্ৰৰ নাম ইমৰান খান পাঠান (Imran Khan Pathan)। (ফটো : ইনষ্টাগ্ৰাম) ছাফা বেইগ মধ্য প্ৰাচ্যৰ এগৰাকী জনপ্ৰিয় মডেল আছিল। কিছু নামী ফেশ্বনত তেওঁৰ ফটোও দেখা গৈছে। (ফটো : ইনষ্টাগ্ৰাম) ছাফা বেইগে (Safa Baig) ১৯৯৪ চনৰ ২৮ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল। বয়সত ইৰফানতকৈ ১০ বছৰ সৰু। (ফটো : ইনষ্টাগ্ৰাম)