১৭ আগষ্টৰ পৰা থাইলেণ্ডত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় মুকলি কাৰাটে (Karate) ডো প্ৰতিযোগিতাত অসমৰ পৰা ACS বিষয়া তথা কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত ৰীমা তৃষ্ঞা হালৈয়ে অংশগ্ৰহণ কৰিব। বৰ্তমান কোকৰাঝাৰৰ সহকাৰী আয়ুক্ত হিচাবে কৰ্মৰত ৰীমা তৃষ্ঞা হালৈয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক বুটলিবলৈ সক্ষম হৈছে ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত প্ৰতিযোগিতাত দেশৰ ১১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব য'ত অসমৰ পৰা একমাত্ৰ ACS বিষয়া ৰীমা তৃষ্ঞাই অংশগ্ৰহণ কৰিব ৷ ইতিমধ্যে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে সুনাম অৰ্জন কৰা ৰীমাই ব্যস্ততাপূৰ্ণ কৰ্তব্যৰ মাজতে খেলৰ অনুশীলন চলাই গৈছে । ইপিনে অলপতে দিল্লীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ দিল্লী পুলিচ কাৰাটে চেম্পিয়নশ্বীপত ৰীমাই ব্ৰঞ্জৰ পদক, মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ছটোকান(National Shotokan Karate Championship) চেম্পিয়নশ্বীপত দুটা ৰূপৰ পদক জয় কৰিছে। অলপতে গুৱাহাটীত হোৱা সদৌ অসম কেবিপিআৰ কাৰাটে-ডো চেম্পিয়নশ্বীপত সোণৰ পদককে ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ভালেকেইটা পদক ৰীমাই লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যতে অলিম্পিকত অংশগ্ৰহণ কৰাৰ মন আছে বুলি মন্তব্য কৰি থাইলেণ্ডত হবলগীয়া চেম্পিয়নশ্বীপৰ বাবে কঠোৰ অনুশীলন কৰি থকা বুলি জানিবলৈ দিছে ৰীমা তৃষ্ণা হালৈয়ে ।