

বিচাৰিছিল পুত্ৰ সন্তান, কিন্তু জন্ম হ’ল কন্যা সন্তান। খঙৰ ভমকত মাত্ৰ এমহীয়া সন্তানক ঘৰত থকা পানী ভৰ্তি ড্ৰামত ডুবাই হত্যা কৰিলে মাতৃয়ে। ঘটনাই এতিয়া কঁপাই তুলিছে সমগ্ৰ দেশ। ইতিমধ্যে হত্যাকাৰী মাতৃৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।


কন্যা সন্তান হত্যা, কন্যাভ্ৰূণ হত্যা বা নাৰীজনীত অপৰাধৰ বিৰুদ্ধে সমাজত প্ৰচাৰ চলোৱা হৈছে যদিও এতিয়াও কিছুমান ঠাইত প্ৰতিদিনে সংঘটিত হৈছে এনেধৰণৰ ঘটনা।


এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ভূপালৰ দেহাৰিয়াত। গাওঁবাসীয়ে জনাইছে যে, ১৪ মাহৰ আগত গাঁৱৰ বাসিন্দা শচীন মেওয়াদাৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল অভিযুক্ত সৰিতা। এমাহ আগত সৰিতাই জন্ম দিয়ে এটি কন্যা সন্তান। কন্যা সন্তান জন্ম হোৱাত পৰিয়ালৰ বাকী লোকৰ কোনো সমস্যা নাছিল। কিন্তু সুখী নাছিল সৰিতা।


ঘটনা সংঘটিত হোৱাৰ দিনা কন্যা কিঞ্জলৰ সৈতে ঘৰতে আছিল অভিযুক্ত মাতৃগৰাকী। আৰু তেতিয়াই সংঘটিত কৰে এনে পাশৱিক ঘটনা।