২০১৮চনত বিয়া হৈ অহাৰ পিছৰ পৰা স্বামী ঘৰত নথকাৰ সুযোগত প্ৰেমিকৰ সৈতে প্ৰেমত মছগুল হৈ থকা বোৱাৰীৰ কাৰণে শাহু হৈ উঠিছিল চকুৰ কুটা, দাঁতৰ শাল। শাহুৱে যাতে কোনো কাৰণত আৰু হকা–বধা কৰি থাকিব নোৱাৰে তাৰ কাৰণে শাহুক চিৰকাললৈ পৃথিৱীৰ পৰা আঁতৰাই পঠিওৱাৰ পৰিকল্পনা কৰিলে বোৱাৰী আৰু অবৈধ প্ৰেমিকে। কোনোৱে যাতে সন্দেহ নকৰে আৰু শাহুৱেকৰ মৃত্যু দুৰ্ঘটনা যেন লাগে তাৰকাৰণে সাপৰ খোঁটেৰে শাহুক হত্যা কৰাৰ অপচেষ্টা চলালে দুয়ো।