নিজৰ কন্যাক লগ পাবলৈ দুজন যুৱকৰ সৈতে বাইকত গৈছিল এগৰাকী বয়োবৃদ্ধাই অতি কষ্টকৰ মৃত্যুক সাৱটিব লগীয়া হয়। মহিলাগৰাকীৰ দোপাট্টা বাইকৰ চকাত ফচিছিল। তাৰ পিছতে মানুহগৰাকীৰ মূৰটো শৰীৰৰ পৰা বিচ্ছিন্ন হৈ কিছু দূৰৈত ছিটিকি পৰে। এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পঞ্জাৱৰ ফৰিদকোটত। সংবাদমাধ্যমত প্ৰকাশিত তথ্য মতে, মুক্তসৰ ৰোডৰ বাসিন্দা নীৰজ শর্মা আৰু বিজয়ে আন দিনাৰ দৰে বাইকত উঠি কামলৈ গৈছিল। লকডাউনত বাছ নোপোৱাৰ কাৰণে চুবুৰীয়া সুখপাল কৌৰে মুক্তসৰত থকা নিজৰ কন্যাৰ ঘৰলৈ যাবলৈ যুৱক দুজনৰ সৈতে বাইকত উঠে। কিছু দূৰ যোৱাৰ পিছতে দৰাকা গাঁৱৰ ওচৰত সুখপাল কৌৰৰ দোপাট্টাখন বাইকৰ চেইনত লাগি ধৰে। কিবা বুজি উঠাৰ আগতেই মহিলাগৰাকীৰ মূৰটো শৰীৰৰ পৰা পৃথক হৈ ছিঙি পৰে। লগে লগে মৃত্যু হয় তেওঁৰ। গতিৰে আগবঢ়া বাইকখনৰ দুই আৰোহী নীৰজ শর্মা আৰু বিজয় কুমাৰে কয় যে বাইকত থাকোতেই এই ভয়ংকৰ দুৰ্ঘটনাই তেওঁলোকৰ অন্তৰাত্মা কঁপাই তুলিছে। মানুহগৰাকীৰ মূৰটো ছিঙি দূৰৈত পৰেগৈ। এই দুৰ্ঘটনাৰ তদন্ত কৰা বিষয়া এএছআই হাকম সিঙৰ মতে ডিঙিৰ দোপাট্টাখন বাইকৰ চেইনত লাগি ধৰাৰ পিছতে মহিলাগৰাকীৰ মৃত্যু হয়। দুৰ্ভগীয়া মহিলাগৰাকীৰ পুত্ৰ জছবীৰ সিঙৰ বিবৃতিৰ আধাৰত চিআৰপিচিৰ ধাৰা ১৭৪ৰ অধীনত তদন্ত কৰা হয়।