

এক শিহৰণকাৰী ঘটনা। ঝাৰখণ্ডৰ ধানবাদত সংঘটিত হৈছে ঘটনাতো। শুকুৰবাৰে সংঘটিত হোৱা ঘটনাই এতিয়া সৰ্বত্ৰ শোকৰ ছাঁ পেলাইছে। হঠাত্ চিত্কাৰ কৰি অৱশেষত মাটিত ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।


৩৫ বছৰীয়া কল্যাণীদেৱীৰ ঘৰ বাস্তাকোলা এলেকাত বুলি জানিব পৰা গৈছে। হঠাত্ মাটি ফাটি সোমাই যায় মহিলাগৰাকী। তাৰ পিছতে গাতটোৰ পৰা ধোৱা ওলাবলৈ ধৰে। আৰু গেছ নিৰ্গত হয়।


এই ঘটনাৰ সাক্ষী হৈ থাকে বহু লোক। কল্যাণদেৱীৰ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল। হঠাত্ গেছ নিগৰ্ত হ’বলৈ লয়, মহিলাগৰাকী গাটত পৰি যায় আৰু আৰু তাৰ পিছতে সংঘটিত হয় ঘটনাতো।


জানিব পৰা গৈছে যে, জীৱন্ত অৱস্থাত সমাধিস্থ হোৱাৰ দৰে ঘটনা সংঘটিত হ’ল অঞ্চলটোত। ক্ৰেন, বুল্ডোজাৰেও কৰিব নোৱাৰিলে শেষ ৰক্ষা।


আধা ঘণ্টাৰ অপাৰেশ্যনৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকী। পৰিয়ালৰ ফালত পৰা এতিয়া ক্ষতি পূৰণ বিচৰা হৈছে। কল্যাণীৰ আছে দুটা সন্তান- কোমল আৰু দুৰ্গা। তেওঁলোকৰ বয়স ক্ৰমে ৭ বছৰ আৰু ৫ বছৰ।