তাজমহলৰ বাবে বিখ্যাত আগ্ৰা। সেই ঠাইতে এগৰাকী বিবাহিত মহিলাক দলবদ্ধ ধৰ্ষণ। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ এলেকাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, মহিলাগৰাকী স্বামীৰ সৈতে বাইকত ফুৰিবলৈ গৈছিল। আৰু এতমাদপুৰ অঞ্চলত বুলেটত অহা তিনিজন যুৱকে জোৰকৈ লোকজনৰ বাইক ৰখাই দিয়ে আৰু বলপূৰ্ব্বক ভাবে মহিলাগৰাকীক জংঘলৰ মাজলৈ লৈ গৈ ধৰ্ষণ কৰে। লগতে মহিলাগৰাকীয়ে পৰিধান কৰি থকা সোণৰ গহনা আৰু হাতত থকা ১০ হাজাৰ টকাও কাঢ়ি লয়। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে, ধৰ্ষণকাৰীয়ে ভিডিও কৰাৰ লগতে ফটো তুলিও ভাইৰেল কৰি দিয়াৰ ভাবুকি দিয়ে। তিনিটা লম্পটে ধৰ্ষণ কৰি সেই ঠাইৰ পৰা পলাই যায়। তিনিওটা অভিযুক্তৰ বিৰুদ্ধে 376D, 506, 394 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত অভিযান। অভিযুক্ত যুৱক তিনিজন মহিলাগৰাকীৰ পূৰ্ব পৰিচিত।