দাক্ষিণাত্যৰ ছবিৰ অভিনেত্ৰী তেওঁ। ৰাই লক্ষ্মী (Raai Laxmi)। মাজে সময়ে ছচিয়েল মিডিয়াত নিজৰ গ্লেমাৰাছ ফটো শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। সেই ৰাই লক্ষ্মীৰ সৈতে এটা সময়ত ভাৰতৰ বিশ্বকাপজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ সম্পৰ্কৰ গুজব ওলাইছিল। গুজব এইকাৰণেই, ধোনীয়ে নিজে কেতিয়াও সেই সম্পৰ্কৰ কথা স্বীকাৰ কৰা নাই। কিন্তু ৰাই লক্ষ্মীয়ে একাধিকবাৰ সাক্ষাৎকাৰত ধোনীৰ সৈতে সম্পৰ্ক থকাৰ কথা প্ৰকাশ কৰিছিল।