নাইৰোবি ফ্লাইছৰ আক্ৰমণ ছিকিমত! ছিকিমৰ এখন ইঞ্জিনিয়াৰিং কলেজৰ শতাধিক শিক্ষাৰ্থী ‘নাইৰোবি ফ্লাইছ’ৰ সংস্পৰ্শলৈ অহাৰ পিছত ছালৰ গুৰুতৰ সংক্ৰমণত আক্ৰান্ত হৈছে। মঙলবাৰে কলেজখনৰ কৰ্মচাৰীয়ে জনায়, আন সংক্ৰমিত শিক্ষাৰ্থীসকলক ঔষধ দিয়া হৈছিল আৰু তেওঁলোক এতিয়া সুস্থ হৈ উঠিছে। পিটিআইৰ খবৰ অনুসৰি, ৰাজ্যৰ স্বাস্থ্য বিভাগে জনাইছে, ছিকিম মণিপাল ইনষ্টিটিউট অব টেকন’লজীৰ চৌহদত দ্ৰুতগতিত বৃদ্ধি পাইছে পূব আফ্ৰিকাৰ নাইৰোবি মাখি।
স্বাস্থ্য বিভাগে জনাইছে, এই মাখিক বিৰক্ত নকৰি বা স্পৰ্শ নকৰি শান্তভাৱে উৰুৱাই দিব লাগিব। এই মাখি য’ত পৰে সেই স্থান চাবোন পানীৰে ভালকৈ ধুই পেলাব লাগে। আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব, দীঘল হাতৰ পোষাক পিন্ধিব লাগিব আৰু নিশা পোহৰৰ তলত বহা এৰাই চলিব লাগিব। মাখিবিধ মৰিলে তাৰ দেহ চূৰ্ণ–বিচূৰ্ণ কৰা উচিত নহয় কাৰণ ইয়াত শক্তিশালী বিষ আছে যাৰ ফলত ছালত সংক্ৰমণ হ’ব পাৰে।