সৰু পৰ্দাৰ অভিনেত্ৰীৰ ৰহস্যজনক মৃত্যু। নিজ বাসগৃহৰ পৰা উদ্ধাৰ হল পশ্চিমবংগৰ অভিনেত্ৰীগৰাকীৰ মৃতদেহ। জানিব পৰা মতে, পল্লৱীয়ে যোৱা ডেৰ মাহ ধৰি প্ৰেমিকৰ সৈতে লিভ-ইন সম্পৰ্কত আছিল। তাৰ আগতে তেওঁ ঘৰটোত বাস কৰিছিল। তেওঁ মুখ্যতঃ কামলৈ যোৱাত কৰাৰ সুবিধাৰ বাবে গড়ফায়ত থাকিবলৈ আৰম্ভ কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, পল্লৱীৰ প্ৰেমিকে কৈছিল যে, তেওঁ চিগাৰেট খাবলৈ ঘৰৰ বাহিৰলৈ গৈছিল। যেতিয়া ঘৰলৈ উভতি আহিল তেতিয়া ঘৰৰ দুৱাৰখন ভিতৰৰ ফালৰ পৰা বন্ধ কৰি থোৱা প্ৰত্যক্ষ কৰে। দৰ্জা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে পল্লৱীৰ মৃতদেহ দেখে। জুলাই 2021ত, পল্লৱীয়ে ছচিয়েল মিডিয়াত নিজৰ প্ৰেমৰ সম্পৰ্কৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল। আৰক্ষীৰ সূত্ৰ আৰু পল্লৱীৰ বন্ধুসকলে কোৱা মতে, দুয়োৰে যোৱা কেইদিনমানৰ পৰা সংঘাত চলি আছিল। কিন্তু পল্লৱীয়ে নিজ ইচ্ছাত জীৱন ত্যাগ কৰাৰ কথা এতিয়া মানি লব পৰা নাই তেওঁৰ পৰিয়ালৰ লোকে।