আঠ কুইণ্টল ওজনৰ বিশালাকৃতিৰ এটা সামুদ্ৰিক শংকৰ মাছ উঠিল মৎস্যজীৱীৰ জালত। মাজ সমুদ্ৰত জালত পৰা এই মাছটো বিক্ৰী হ’ল ৪০ হাজাৰ টকাত। (তথ্য আৰু ফটো : সুজিৎ ভৌমিক) বিশালকায় শংকৰ মাছটোৰ উপৰি আজি জালত পৰে বিৰল প্ৰজাতিৰ আন এটা মাছো, যিটোৰ নাম বাঘা শংকৰ মাছ। সেই মাছটোও বিক্ৰী হয় ২৫ হাজাৰ টকাত। দিঘাৰ মোহনাত মাছ ব্যৱসায়ী ৰোহিনী নন্দন খাড়াৰ জালত পৰে শংকৰ মাছটো। আজি পুৱা দিঘাৰ মৎস্য নিলাম কেন্দ্ৰত মাছটো বিক্ৰীৰ বাবে অনা হয়। মাছটো দেখি হৈ–চৈ লাগে। বিশালকায় মাছটো চোৱাৰ বাবে বহু লোকে ভিৰ কৰে। জনা গৈছে, বিৰল প্ৰজাতিৰ মাছটো ২৫ হাজাৰ টকাত ঋষিকেশ শ্যামল নামৰ এজন ব্যৱসায়ীয়ে ক্ৰয় কৰে। আনহাতে, ৮ কুইণ্টল ওজনৰ মাছটো ৪০ হাজাৰ টকাত ক্ৰয় কৰে কলকাতাৰ ছান এণ্ড কোম্পানীয়ে। ব্যৱসায়ীসকলে জনায়, শংকৰ মাছ এতিয়া স্থানীয় বজাৰত বিক্ৰী নহয়। এই ধৰণৰ মাছ ৰপ্তানিও কৰা হয়। ইফালে, সমুদ্ৰ চহৰ দিঘাত এই ধৰণৰ বৃহৎ আকাৰৰ মাছ দেখি আনন্দিত হয় পৰ্যটকসকলো।