হিমাচল প্ৰদেশৰ প্ৰয়াত মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিং (Virbhadra Singh)ৰ অন্তিম সৎকাৰ শনিবাৰে চিমলাৰ ৰামপুৰত হয়। শনিবাৰে পুৱাৰ পৰা তেওঁৰ পাৰ্থিৱ শৰীৰ ৰামপুৰৰ পৰম পেলেচত ৰখা হয়। ইয়ালৈ তেওঁক অন্তিম দৰ্শনৰ বাবে যথেষ্ট মানুহ আহে। যথেষ্ট সংখ্যক মহিলাও আহিছিল। সকলোৱে দুচকুত চকু পানী বোৱাই প্ৰিয় নেতা জনক শেষবাৰলৈ চাই লোৱাৰ হেঁপাহ। শুকুৰবাৰে ছিমলাৰ পৰা বীৰভদ্ৰ সিঙৰ পাৰ্থিৱ শৰীৰ ৰামপুৰলৈ অনাত তেওঁৰ শেষ দৰ্শনৰ বাবে জনসাধাৰণ হিল-দল ভাঙি পথলৈ ওলাই অহা পৰিলক্ষিত হয়। ছিমলাৰ পৰা ৰামপুৰলৈ জনসাধাৰণে নিজৰ প্ৰিয় নেতাজনক অন্তিম বিদায় জনায়। শনিবাৰে ৰাতিপুৱা প্ৰতীকীভাৱে বিক্ৰমাদিত্য সিঙক ৰাজতিলক কৰা হয়। তাৰ পাছত বিক্ৰমাদিত্য সিঙক পিতৃৰ পাৰ্থিৱ শৰীৰৰ কাষত বহি থকা দেখা গৈছিল। পিতৃৰ প্ৰতি জনসাধাৰণৰ শ্ৰদ্ধা দেখি বিক্ৰমাদিত্যৰ চকুপানী একেৰাহে বৈ আছিল। ঢোল, নাগাৰা বজাই সম্পূৰ্ণ পাৰম্পৰিক ৰীতি -নীতিৰে বিক্ৰমাদিত্।ৰ ৰাজতিলক অনুষ্ঠান সমাপ্ত কৰা হয়। কিন্তু মিডিয়াক এই অনুষ্ঠানৰ পৰা আঁতৰাই ৰখা হয়। এতিয়ালৈকে লোকপ্ৰিয় নেতাজনৰ শেষ বিদায় জনাবলৈ মানুহৰ সোঁত বৈ আছে। ৰামপুৰত জনসমাগম দেখি প্ৰসাশনে ডাঙৰ যান-বাহনৰ চলাচল শনিবাৰৰ দিনটোৰ বাবে বন্ধ ৰাখিছে। ইয়াৰ পূৰ্বে তেখেতৰ পাৰ্থিৱ শৰীৰ পুৱাই ৰাইজৰ দৰ্শনৰ বাবে ঐতিহাসিক ৰিজ ফিল্ডলৈ অনা হয়। পুৱা ১০-৫৫ মিনিটত ভাজপাৰ ৰাষ্ট্ৰীয় অধ্য়ক্ষ জেপি নড্ডা মূখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ সৈতে ৰিজ ফিল্ডলৈ আহে আৰু ফুলৰ মালা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাায়। কংগ্ৰেছৰ মূখ্যালয়ৰ পৰা ৰাহুল গান্ধীয়েও বীৰভদ্ৰ সিঙক অন্তিম দৰ্শন কৰে আৰু বিদায় জনায়। ছত্তীছগড়ৰ মূখ্য়মন্ত্ৰীৰ সৈতে বহুত নেতা আৰু সাংসদে বীৰভদ্ৰ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়হি।