উত্তৰ প্ৰদেশৰ এক ঘটনাই চকু কপালত তুলিছে সকলোৰে। এগৰাকী ন–বোৱাৰীয়ে যি কাণ্ড কৰিলে সেই ঘটনাৰ খবৰে এতিয়া তোলপাৰ লগাইছে ছচিয়েল মিডিয়া। (প্ৰতীকী ফটো) বিয়াৰ পিছত স্বামীক এৰি পলায়ন পত্নীৰ। স্বামীয়ে নহয়, স্বামীগৃহৰ সকলো হায়ৰান হৈ পৰিল নতুন বোৱাৰিক বিচাৰি। চৌদিশে চলিল বিচাৰ–খোচাৰ। (প্ৰতীকী ফটো) বিচাৰ–খোচাৰ কৰাত ভনীয়েকৰ স্বামীৰ সৈতে একেলগে পোৱা গ’ল মহিলাগৰাকীক। নতুন বোৱাৰীৰ এই কাণ্ডত শহুৰৰ ঘৰৰ লগতে পিতৃগৃহতো খবৰ বিয়পি পৰে। (প্ৰতীকী ফটো) সূত্ৰৰ খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ পিলভিটত চাৰিমাহ পূৰ্বে ধুমধামেৰে বিয়া পাতিছিল এজন যুৱকে। বিয়াৰ পিছত প্ৰথামতে শহুৰৰ ঘৰলৈ আদৰিছিল শাহুৱেকে। (প্ৰতীকী ফটো) বিয়াৰ চাৰি মাহ ঠিকেই আছিল সকলো। তাৰ পিছতে পলাই গ’ল ন–বোৱাৰী। (প্ৰতীকী ফটো) তন্ন তন্ন কৰি বিচাৰি অৱশেষত ভনীয়েকৰ স্বামী অৰ্থাৎ ভনী জোঁৱায়েকৰ সৈতে ধৰা পৰিল মহিলাগৰাকী। (প্ৰতীকী ফটো)