প্ৰথমে ৰাজস্থানৰ এজন লোকক বিয়া কৰাই ৪ মাহৰ পিছত ২০ হাজাৰ টকা আৰু গহনা লৈ পলাই যায় উৰ্মিলা। ইয়াৰ পিছত মধ্যপ্ৰদেশৰ সাগৰ নামৰ এজনৰ সৈতে দ্বিতীয় বিবাহত বহে। আৰু ১৫ দিনৰ ভিতৰতে ২২ হাজাৰ টকা আৰু গহনা লৈ উধাও হয়। তাৰ পিছত এনেদৰে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠবাৰ বেলেগ বেলেগ পুৰুষৰ লগত বিয়া হৈ টকা পইচা লুটি উধাও হয়।