আগন্তুক ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰেজিষ্ট্ৰেশ্যন। ১ মেৰ পৰা ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকে ভেকচিন ল'ব পাৰিব। শনিবাৰে অর্থাৎ মাত্ৰ ৪৮ ঘণ্টাৰ পিছৰ পৰাই CoWIN Appৰ মাধ্য়মেৰে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এই কথা জনালে নেচনেল হেলথ অথৰিটিৰ চিফ একজিকিউটিভ অফিচাৰ আৰ এচ শৰ্মাই। এইবাৰ কোৰোণাৰ Covaxin, Covishield, Russian vaccine Sputnik V ভেকচিন প্ৰদান কৰা হ'ব।