অপহৰণ কৰি ওৰে নিশা কৰিলে ধৰ্ষণ। প্ৰমাণ লুকুৱাবলৈ মুখত এচিড ঢালি উটুৱাই দিলে নৈত। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত। ১৭ আগষ্টৰ পৰা সন্ধান নাছিল কিশোৰীগৰকীৰ। অৱশেষত উপায়হীন হৈ ঘৰৰ মানুহে আৰক্ষী চকীত দিয়ে এজাহাৰ। আৰু আৰক্ষীয়ে ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰি আৰম্ভ কৰে অভিযান। তিনিদিনৰ পিছত স্থানীয় এজন লোকে নদীত এটা মৃতদেহ প্ৰত্যক্ষ কৰে। পিছত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰে। উত্তৰপ্ৰদেশৰ ভাডোহিৰ অঞ্চলৰ পৰা নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী। যি ঠাইত শেষ বাৰৰ বাবে দেখিছিল, সেই ঠাইৰ পৰাই উদ্ধাৰ হয় মৃতদেহ। কিশোৰীগৰাকীৰ এগৰাকী আত্মীয়ৰ অভিযোগ, স্থানীয় ইটাভাটাৰ মালিক ঘটনাৰ মূল অভিযুক্ত। বৰ্তমান পলাতক অৱস্থাত আছে সন্দেহজনক ধৰ্ষণকাৰীটো। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ, গাঁৱৰ বাহিৰলৈ অপহৰণ কৰি লৈ যায় ইটাভাটাৰ মালিকে। আৰু তাৰ পিছতে ধৰ্ষণ কৰে। আৰু পিছত প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰে। মৃতদেহ উদ্ধাৰৰ সময়ত কিশোৰীগৰাকীৰ দেহৰ বহু অংশ জ্বলি হোৱা প্ৰত্যক্ষ কৰা হৈছে। আৰক্ষীয়ো প্ৰাথমিক তদন্ত লৈকে কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে একপ্ৰকাৰ সহমত। এতিয়া অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী কৰিছে সকলোৱে। দোষীক ধৰিবলৈ আৰক্ষীয়ে গঠন কৰিছে চাৰিজনীয়া বিশেষ দল। আৰক্ষীয়ে জনোৱা মতে, বৰ্তমান মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কিশোৰীগৰাকীৰ দেউতাকে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী কৰিছে।