কোৰোণা সংক্রমণৰ কাৰণে মাৰ্চৰ পৰা বন্ধ হৈ আছে স্কুল। Unlock 5 -ত স্কুল খোলাৰ সন্মতি দিছে কেন্দ্ৰীয় মন্ত্ৰালয়ে। নতুন গাইডলাইন অনুসৰি ১৫ অক্টোবৰৰ পৰা ধাপে ধাপে স্কুল কলেজ সহ বিভিন্ন শিক্ষা প্রতিষ্ঠান খুলিব। স্কুল খোলাৰ ক্ষেত্ৰত সকলো চূড়ান্ত সিদ্ধান্ত ৰাজ্যৰ হাতত দিয়া হৈছে। এইবাৰ স্কুল কেনেকৈ চলিব সেই সন্দৰ্ভত SOP কৰিছে কেন্দ্ৰই।
স্কুল-কলেজ খোলাৰ পূৰ্বে সম্পূৰ্ণ জীৱাণুমুক্ত কৰাটো প্ৰয়োজন। স্কুল কলেজৰ ক্লাচৰুম, আচবাবপত্রৰ পৰা আৰম্ভ কৰি স্কুল কেম্পাচৰ প্ৰতিটো চুক–কোণ, কেণ্টিনৰ পৰা আৰম্ভ কৰি পানীৰ টেংকীলৈকে পৰিষ্কাৰ কৰি জীৱাণুমুক্ত কৰিব লাগিব। ইয়াৰ কাৰণে প্ৰতিখন স্কুলে টাস্কফ’ৰ্চ গঠন কৰিব। এই টাস্কফ’ৰ্চ সকলো ইমাৰজেন্সী কেয়াৰৰ দায়িত্বত থাকিব। শিক্ষাৰ্থীসকলৰ স্কুল অহা যোৱা কৰাৰ ক্ষেত্ৰত যি বাচ বা পুল কাৰসমূহ দায়িত্বত থাকিব সেই সমূহো চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰিব লাগিব।
স্কুল খোলাৰ পিছত কোৰোণাৰ কাৰণে মিড ডে মিল তৈয়াৰ আৰু বিতৰণৰ ক্ষেত্ৰতো অতিৰিক্ত সাৱধানতা অৱলম্বন কৰাৰ কথা কোৱা হৈছে তথা এইক্ষেত্ৰত বিশেষ কিছু নীতি–নিৰ্দেশ SOP-ত দিয়া হৈছে ৷ স্কুল কলেজ খোলাৰ পিছত ক্লাচ আৰম্ভ হ’লে সহ শিক্ষক–শিক্ষয়িত্ৰীসকলেও ছচিয়েল ডিচটেন্সিঙ মানি চলিব লাগিব। স্কুলত শিক্ষাদান কৰা শিক্ষক সকলে সকলো সময়তে মাস্ক পিন্ধি থকা বাধ্যতামূলক।
কেন্দ্রৰ ফালৰ পৰা কোৱা হৈছে স্কুল–কলেজ সহ বিভিন্ন শিক্ষা প্ৰতিষ্ঠান খোলাৰ অনুমতি দিলেও গাইডলাইনত স্পষ্টকৈ কোৱা হৈছে স্কুল বা কলেজ খোলাৰ পূৰ্বে সংশ্লিষ্ট মেনেজমেন্টেৰ সৈতে পৰিস্থিতিৰ সকলো ফালৰ পৰা বিচাৰ বিবেচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব ৷ অভিভাৱকৰ লিখিত অনুমতি নাথাকিলে কোনো স্কুলে ক্লাছ আৰম্ভ কৰিব নোৱাৰে।
স্কুল কলেজ সহ সকলো শিক্ষা প্রতিষ্ঠান খোলাৰ অনুমতি দিলেও গাইডলাইন অনুযায়ী অনলাইন বা ডিচটেন্স লার্নিংকেই প্রথম গুৰুত্ব দিয়া হ’ব ৷ শিক্ষা প্রতিষ্ঠান খোলাৰ পিছত কোনো শিক্ষাৰ্থীয়ে যদি ক্লাছৰ সলনি অনলাইন ক্লাছ কৰাৰ মন কৰে সেয়া সুবিধা দিব লাগিব। উল্লেখ্য যে, অসমৰ ক্ষেত্ৰত ক্লাছসমূহ এক নৱেম্বৰৰ পৰাহে খোলাৰ কথা ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।